নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত বিহুত কোনো কাৰণতে পৰিৱেশনৰ অনুমতি দিয়া নহ’ব হিন্দী গীত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ ব’হাগ বিহুৰ সাত বিহুৰ কেইদিনত বিহু মঞ্চত হিন্দী গীত কোনো কাৰণতে পৰিৱেশন কৰাৰ অনুমতি দিয়া নহয় বুলি স্পষ্ট কৰিছে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিয়ে৷ সংগঠনটোৰ সভাপতি ৰঞ্জন বৰাই এই সন্দর্ভত কয় যে পূর্বৰে পৰা সমিতিয়ে বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিহু মঞ্চসমূহত সাত বিহুৰ কেইদিনত হিন্দী গীত পৰিৱেশন কৰাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাই আহিছে৷ দুদিন পূর্বে এখন সংবাদ মেলত সংবাদ মাধ্যমৰ প্রশ্নৰ ভিত্তিতহে জুবিন গার্গে যদিহে নিজৰ কিবা গান থাকে সেয়া গাব পাৰিব বুলি কৈছিল৷

📌 ‘ভাইৰেল অডিঅ’ টেপৰ কণ্ঠ মোৰ নহয়, মোৰ লগত ষড়যন্ত্ৰ হৈছে।’ 📌 ‘মই হৰ্ষৰ নামটো জানো, কিন্তু ব্যক্তিগতভাৱে চিনি নাপাওঁ।’ 📌হেভী এমাউণ্ট দাবীৰ ভাইৰেল অডিঅ’ টেপক লৈ প্ৰতিক্ৰিয়া সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ।

কিন্তু বিহু মঞ্চত সাত বিহুৰকেইদিনত হিন্দী গীত পৰিৱেশন কৰাটো কোনো কাৰণতে গ্রহণযোগ্য হ’বই নোৱাৰে৷ জুবিন গার্গ, পাপনকে ধৰি ৰাজ্যৰ সকলো বিশিষ্ট শিল্পীলৈ সমিতিয়ে ব’হাগ বিহুৰ সাত দিনৰ ভিতৰত বিহু মঞ্চত কোনোধৰণৰ হিন্দী গীত পৰিৱেশন নকৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি নিশা ১২ বজাৰ পূর্বেই অনুষ্ঠান সামৰণি মৰা, জাতীয় সাজপাৰ পৰিধান কৰি অনুষ্ঠান পৰিৱেশন কৰা আদিকে ধৰি অন্যান্য নীতি–নিয়মসমূহো মানি চলিবলৈ মহানগৰীৰ সকলো বিহু সমিতিক আহ্বান জনাইছে সভাপতি ৰঞ্জন বৰাই৷ তদুপৰি বিগত বর্ষসমূহৰ দৰে এইবাৰো বিহু সমিতিসমূহক আর্থিক অনুদান দি চৰকাৰে সহায়–সহযোগিতা আগবঢ়াব বুলি আশা প্রকাশ কৰি সমিতিৰ সভাপতি বৰাই বিগত বর্ষসমূহত দিয়া অনুদানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা প্রকাশ কৰে৷

অসমীয়া কবিতা লিখি চুলান বুক্ ৱর্ল্ড ৰেকৰ্ড ৰক্তিম ফুকনৰ

You might also like