নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ আগন্তুক ব’হাগ বিহুৰ সৈতে সংগতি ৰাখি বিহু মঞ্চসমূহত অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্রত প্রয়োজনীয় সকলো ব্যৱস্থা ল’বলৈ বিহু সমিতিসমূহক সকীয়নি দিছে নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন আলফা (স্বাঃ)ই৷ এক বিবৃতিযোগে আলফা (স্বাঃ)ৰ সহকাৰী সম্পাদক ছেকেণ্ড লেফটেনেণ্ট ঈশান অসমে কয় যে বাপতি–সাহোন ৰঙালী বিহুটিক আদৰিবলৈ থলগিৰি জনগণৰ এতিয়া সীমাহীন ব্যস্ততা৷ ৰাইজৰ লগতে সমানেই ব্যস্ত হৈ পৰিছে আয়োজক সমিতিসমূহো৷ এই ব্যস্ততাৰ মাজতো শেহতীয়াকৈ একাংশ বিহু সমিতিয়ে বিহুৰ স্বকীয়তাক বিসর্জন দি মঞ্চত হিন্দী গীতৰ পয়োভৰ ঘটোৱাৰ বাবে যো–জা চলাইছে৷
ইয়াৰ বিৰুদ্ধে পূর্বতেও আলফা (স্বাঃ)ই কঠোৰ স্থিতি গ্রহণ কৰি আহিছে৷ সংগঠনটোৰ বিবৃতিটোত প্রকাশ যে ব্যস্ততা যিমানেই নাথাকক কিয়, ব’হাগ বিহুৰ তাৎপর্য আৰু স্বকীয়তাক মনত ৰাখিহে সকলো শিল্পী, বিহু সমিতিয়ে আগবাঢ়িব লাগে৷ সম্প্রতি পশ্চিমৰ বিজতৰীয়া সংস্কৃতিৰ আগ্রাসনে অসমীয়া জাতীয় জীৱনৰ আয়ুসস্বৰূপ বিহুটিক সংকুচিত কৰি অনা বুলি চিন্তা প্রকাশ কৰি আলফা (স্বাঃ)ই ব’হাগ বিহুত সাত বিহুৰ দিনকেইটাত কোনোধৰণৰ হিন্দী গীত বিহু মঞ্চত পৰিৱেশন কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা একপ্রকাৰ জাৰি কৰিছে৷ সংগঠনটোৰ মতে, একোটা জাতি আৰু জাতীয় সংস্কৃতিৰ ঊর্ধ্বত কোনো বিহু সমিতিৰ বিষয়ববীয়া অথবা শিল্পীসকল হ’ব নোৱাৰে৷ হিন্দী গীত বিহুৰ সৈতে কোনোফালৰ পৰাই সংপৃক্ত নহয়৷ একে সময়তে জুবিন গার্গ, অংগৰাগ মহন্তৰ লগতে অন্যান্য শিল্পী, গায়ক–গায়িকাসকলক্ সাত বিহুৰ সময়ছোৱাত বিহু মঞ্চত হিন্দী গীত পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ আলফা (স্বাঃ)ই আন্তৰিকতাৰে আহ্বান জনাইছে৷