নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ পানেৰীত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন গাঁওবাসীৰ

🔹 হিন্দু-মুছলমানে মিলা-প্ৰীতিৰে সাজিলে দুমহলীয়া ভেলাঘৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী :  হেপাঁহৰ ভোগালী বিহুলৈ মাত্ৰ দুটা দিন বাকী। ৰাজ্যজুৰি এতিয়া দিনে-নিশাই ভোগালীক আদৰাৰ ব্যাপক উৎসাহ-উদ্দীপনা । গ্ৰামাঞ্চলত এতিয়া যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোৰে ব্যস্ততাৰ অন্ত নাইকিয়া হৈ পৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া  দিনে-নিশাই ব্যস্ত ডেকা-গাভৰু। ব্যতিক্ৰমীভাৱে ভেলাঘৰ নিৰ্মাণ কৰাৰ অঘোষিত প্ৰতিযোগিতা চলাইছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওদালগুৰি জিলাৰ পানেৰীতো দোভাগ নিশালৈ ভেলাঘৰ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে  যুৱক-যুৱতী,  জীয়াৰী-বোৱাৰী, পুৰুষ-মহিলা। ভেলাঘৰত চহা জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰি তুলিছে । উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ বাবে বিভিন্ন ঠাইৰ লগতে পানেৰীতো যুৱক-যুৱতী, জীয়াৰী-বোৱাৰীয়ে নাচি-বাগি মতলীয়া হৈ হেঁপাহৰ ভোগালীক আদৰাৰ চলাইছে পূর্ণ প্ৰস্তুতি। পানেৰীৰ গাঁওবাসীয়ে  হিন্দু-মুছলমানৰ ভেদ-ভাব নাৰাখি সকলো ওলাই আহি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি মিলা-প্ৰীতিৰ এনাজৰীডাল বান্ধি ৰাখিছে। হিন্দু-মুছলমানে  মিলি পৰম্পৰাগতভাৱে সাজি উলিয়াইছে এটা দুমহলীয়া ভেলাঘৰ। এই ভেলাঘৰটোতে উৰুকাৰ নিশা সকলোৱে লগ হৈ এসাঁজ খাব । হিন্দু-মুছলমানে অসমীয়াৰ পৰম্পৰা ধৰি ৰখাৰ লগতে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰাৰ চেষ্টা পানেৰীৰ এইসকল লোকৰ ।

প্ৰেৰক পিংকু কলিতা

You might also like