নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভ জেহাদ-ভূমি জেহাদৰ জৰিয়তে প্ৰতিপত্তি বৃদ্ধিৰ চেষ্টা বিশেষ সম্প্ৰদায়ৰ : পল্লৱ শইকীয়া

🔹 হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ হিন্দু সন্মিলন-আলোচনা সভা

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত দেওবাৰে শিলচৰ গান্ধী ভৱনত হিন্দু সন্মিলন আৰু আলোচনা সভা অনুষ্ঠিত হয়। আলোচনা সভাত বিশিষ্ট ব্যক্তিসকলে ‘জিহাদ- আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰ’ বিষয়ত ভাষণ দিয়ে। আজিৰ দিনটোতে হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই জেহাদৰ আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰৰ ওপৰত বক্তব্য আগবঢ়ায় । তেওঁ কয় যে বৰ্তমান অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে । অসমত লাভ জেহাদৰ সৈতে ভূমি জেহাদৰ সমস্যা এতিয়া জটিল হৈছে ৷ লাভ জেহাদৰ বাবে ভুক্তভোগী হিন্দু ছোৱালী-বোৱাৰী যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে ৷ তেওঁ হিন্দু যুৱ সমাজক জেহাদৰ আগ্ৰাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিৰোধ গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ বাঙালী, অসমীয়া, হিন্দীভাষী লোকসকলক একত্ৰিত হৈ জেহাদৰ বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই জেহাদসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও হিন্দু সমাজক এই ক্ষেত্ৰত সজাগ হোৱাৰ সময় হৈছে বুলি উল্লেখ কৰে তেওঁ। এই উপলক্ষে আলোচনা সভাত বিশিষ্ট সমাজসেৱী শিৱানী গাংগুলী, হিন্দুত্ববাদী নেতা অসিত চক্ৰৱৰ্তী, পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জু নাথ, সাধাৰণ সম্পাদক দীপজ্যোতি দুৱৰা, প্ৰচাৰ সম্পাদক উজ্জ্বল তামুলী, সমাজসেৱক বাসুদেৱ ভট্টাচাৰ্য আদিয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত উত্তৰানয়ন সাংস্কৃতিক সংস্থাসহ বিভিন্ন সংগঠনৰ শিল্পীসকলে সমৱেত সংগীত আৰু নৃত্য পৰিৱেশন কৰে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like