নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১

🔹 তিনিচুকীয়াত আছুৰ আগতীয়া দীপাৱলী : উৎফুল্ল আছু কৰ্মী

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : তিনিচুকীয়া আছুৰ কাৰ্যালয়ৰ সন্মুখত সন্ধিয়া সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই হঠাৎ পালন কৰে আগতীয়া দীপাৱলী। অসম আন্দোলনৰ ফলস্বৰূপে চুক্তি হোৱা অসম চুক্তিৰ সিদ্ধান্ত মৰ্মে ১৯৭১ চনৰ ২৪ মাৰ্চক উচ্চতম ন্যায়ালয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে ৰায়দান কৰাৰ পাছতে তিনিচুকীয়াত আছুৱে ৰাজপথত আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰে। লগতে শ্ৰদ্ধাৰে সোঁৱৰে অসম আন্দোলনৰ শ্বহীদসকলক, অসম আন্দোলনত জঁপিয়াই পৰা প্ৰতিগৰাকী নমস্য ব্যক্তিক৷ সমান্তৰালভাৱে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ চিনাক্ত কৰাতে দায়িত্ব সামৰি নথৈ প্ৰতিগৰাকী বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰাৰ লগতে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰক দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমৰজ্যোতি গোহাঁয়ে ।

প্ৰেৰক বিবেক বড়া

You might also like