নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিটমেনৰ সন্মুখত সুবৰ্ণ সুযোগ

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : এক সুন্দৰ সুযোগ লাভ কৰিছে ৰোহিত শৰ্মাই। অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হব এদিনীয়া বিশ্বকাপ। এইবাৰ ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলে এদিনীয়া বিশ্বকাপত খেলিব। এদিনীয়া বিশ্বকাপত প্ৰথমবাৰৰ বাবে ভাৰত নেতৃত্ব দিব ৰোহিত শৰ্মাই। এতিয়ালৈকে তেওঁ বেটছমেন হিচাপে বিশ্বৰ ৰেকৰ্ড গঢ়িছে। বেটছমেন হিচাপে ৰোহিত শৰ্মাই অতি ভাল ফৰ্মত আছে। হিটমেন নামেৰে বিখ্যাত ৰোহিত শৰ্মাই এতিয়ালৈকে এদিনীয়া বিশ্বকাপৰ ১৭টা ইনিংছ খেলিছে, য’ত তেওঁ আচৰিত ধৰণে বেটিং কৰিছে। এদিনীয়া বিশ্বকাপত যৌথভাৱে ৬টা শতক অৰ্জন কৰা খেলুৱৈ ৰোহিত। এদিনীয়া বিশ্বকাপত ৰোহিত শৰ্মাই ১৭ ইনিংছত ৬৫.২০ গড়ে ৯৮৭ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৬টা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰিছে, য’ত তেওঁ পাকিস্তানৰ বিৰুদ্ধে ১৪০ ৰানৰ উচ্চ স্ক’ৰ কৰিছে। ভাল গড়ৰ লগতে ৰোহিত শৰ্মাৰ ষ্ট্ৰাইক ৰেটো বহুত ভাল। ৯৫.৯৭ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰি আছে ৰোহিতে। ভাৰতীয় প্রাক্তন বেটছমেন শচীন টেণ্ডুলকাৰ আৰু বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা যৌথভাৱে বিশ্বকাপত সৰ্বাধিক ৬টা শতক অৰ্জন কৰা খেলুৱৈ। এই বিশ্বকাপত শতক অৰ্জন কৰি তেওঁ শচীন তেণ্ডুলকাৰক পিছ পেলাব পাৰে। ২০১৯ চনত খেলা এদিনীয়া বিশ্বকাপত ৰোহিত শৰ্মাই ৯ ইনিংছত ৫টা শতক অৰ্জন কৰিছিল। তেওঁ ৯ ইনিংছত ৬৪৮ ৰান সংগ্ৰহ কৰি গড়ে ৮১ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৬৭টা চাৰি আৰু ১৪টা ছয় আহে। প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল তেওঁ। উল্লেখযোগ্য যে এতিয়ালৈকে ৰোহিত শৰ্মাই নিজৰ কেৰিয়াৰত ২৫১খন এদিনীয়া খেলিছে। এই মেচসমূহৰ ২৪৩খন ইনিংছত তেওঁ ৪৮.৮৫ গড়ে ১০১১২ ৰান সংগ্ৰহ কৰিছে। তেওঁ ৩০টা শতক আৰু ৫২টা অৰ্ধশতক অৰ্জন কৰিছে। উল্লেখ্য যে এম এছ ধোনীৰ নেতৃত্বত গৃহ দেশত ২০১১ চনত বিশ্বকাপ দখলৰ পিছত ২০১৩ চনৰ পৰা টীম ইণ্ডিয়াই এতিয়ালৈকে আইচিচিৰ মেগা ইভেণ্টত ট্ৰফী দখল কৰিব পৰা নাই।

You might also like