🎯ড্ৰাগ্চ আসক্ত ব্যক্তিসহ ৬ দালালক স্থানীয় ৰাইজে কৰিলে কৰায়ত্ত
🎯জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপে উদঙালে মেডিকেলৰ ফোপোলা স্বৰূপ
বিশেষ বাৰ্তা, ১৬ মেঃ ডিব্ৰুগড় মেডিকেল কলেজৰ এক অতি ভয়াৱহ ঘটনা উন্মোচিত হোৱাৰ পাছতেই সকলোৰে নিদ্ৰা হৰণ হৈছে। এই চকু কপালত উঠা ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত। অভিযোগ অনুসৰি এইচআইভিত আক্ৰান্ত লোকেও ডিব্ৰুগড় মেডিকেলত কৰে ৰক্তদান। এনে এক ভয়াৱহ দিশ ফাদিল হোৱাৰ পাছতে এতিয়া মেডিকেলৰ বাহিৰে-ভিতৰে তথা চৌদিশে এক হাহাকাৰ পৰিৱহণ। ৰোগীৰ জীৱন বচাবলৈ মেডিকেলৰ পৰা তেজ সংগ্ৰহ কৰি এতিয়া মুৰে-কপালে হাত দিছে ৰোগীৰ অভিভাৱকে।যেন জীৱন ৰক্ষা কৰি আন এক ৰোগৰ সৈতে আমৰণ যুঁজ। হয়, ঐতিহাসিক অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া সৰ্বত্ৰে একাংশ দালাল ৰাজৰ বাবে এক অৱৰ্নণীয় পৰিস্থিতি।কালি অবৈধ ড্ৰাগ্চ আসক্ত ব্যক্তিসহ ৬ ৰক্ত দানৰ দালালক স্থানীয় ৰাইজে কৰায়ত্ত কৰি বৰবাৰী আৰক্ষী চকীত চমজাই দিয়াৰ পাছতে ভয়াৱহ ঘটনা উন্মোচিত হয়।উক্ত ছয়গৰাকীৰ ভিতৰত ভিকি দাস (হিলৈধাৰী), প্ৰদীপ ৰায় (গংগাপাৰা), দশৰথ হাজৰিকা (বৰ্মন নগৰ) আৰু ৰিয়ান আহমেদ এগৰাকী ড্ৰাগচ আসক্ত ই-ৰিক্সা চালক আছিল। জানিব পৰা অনুসৰি দীৰ্ঘদিনৰে পৰা ই-ৰিক্সা চালক গৰাকীয়ে চিৰিঞ্জেৰে ড্ৰাগ্চ সেৱন কৰি আহিছিল।যাৰ বাবে চালকগৰাকীৰ এইচআইভি পজিটিভ হোৱাতো প্ৰায় নিশ্চিত। অভিযোগ অনুসৰি ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়া তেজৰ দালাল কেইজনক নিশাৰ ভাগত এৰি দিছিল যদিও ৰাইজৰ হেঁচাত পুনৰ কৰায়ত্ত কৰে। আন এক গুৰুতৰ অভিযোগ অনুসৰি কিছুদিনৰে পৰা ডিব্ৰুগড়ৰ মেডিকেলত এইচআইভি টেষ্ট নোহোৱাকৈয়ো তেজ দাতাৰ পৰা সংগ্ৰহ কৰি থকা হৈছে। যাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি এক ভয়াৱহ কাৰক হৈ পৰিছে।উল্লেখ্য যে অসম মেডিকেল কলেজত সকলো চিকিৎসা তথা পৰীক্ষাৰ বাবে লেৱৰেটৰী উপলব্ধ থকা স্বত্বেও, মেডিকেলৰ চৌহদৰ কাষতেই ১০ খনকৈ লেৱৰেটৰী থকাৰ ৰসহ্যৰ কথা খোদ ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপে উদ্বেগ প্ৰকাশ কৰি দালাল ৰাজৰ বিষয়ে সকলো তথ্য দাঙি ধৰে। জিলা সভাপতিগৰাকীয়ে অভিযোগ কৰা অনুসৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া চলিছে দালাল ৰাজ।চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীক বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বাবে কৌশলেৰে ব্যক্তিগত লেবৰেটৰীলৈ লৈ যায় একাংশ দালালে। ব্লাড বেংক, আন বিভিন্ন পেথলজিকেল টেষ্ট ইত্যাদিৰ নামত, ৰোগী-ৰোগীৰ আত্মীয়ক চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ আৰু সমিপত ঘুৰি ফুৰা দালালে, নিদিষ্ট চৰকাৰী চিকিৎসকৰ নিৰ্দেশত কৌশলেৰে লৈ যায় মেডিকেলখনৰ গাতে লাগি থকা বিভিন্ন ব্যক্তিগত পেথলজিকেল লেৱৰেটৰীলৈ।যাৰ বাবদ এক মোটা কমিচন লাভ কৰে এই দালাল সমূহে।অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত একাংশ কৰ্মচাৰী, চিকিৎসক জড়িত থকাৰ বিস্ফোৰক অভিযোগো উথাপন কৰিছে জিলা সভাপতি উজ্জ্বল কাশ্যপে।বছৰ বছৰ ধৰি বিনা দ্বিধাই এই কুচক্ৰৰ কৱলত পৰি আহিছে অসম মেডিকেললৈ চিকিৎসাৰ বাবে অহা দূৰ দূৰণিৰ অসহায় ৰোগী, দুখীয়া লোক।চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ দেহৰ পৰীক্ষাৰ বাবে যেতিয়া চিকিৎসকে বিভিন্ন পেথলজিকেল টেষ্টৰ বাবে পৰামৰ্শ দিয়ে সেই সময়ত অসম চিকিৎসা মহাবিদ্যালয়ত থকা পৰীক্ষাগাৰসমূহত ৰোগী তথা ৰোগীৰ অভিভাৱকে পৰীক্ষা কৰোৱাবলৈ যাওঁতেই পূৰ্বৰ পৰা খাপ পিতি থাকে এই দালাল চক্রটোৱে।এই দালাল চক্ৰটোৰ বিৰুদ্ধে বিজেপিৰ ডিব্ৰুগড়ৰ জিলা সভাপতি উজ্বল কাশ্যপে অৱশেষত ছচিয়েল মিডিয়াৰ যোগে পষ্ট দিয়াৰ পাছতে গা লৰিল অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ।লক্ষণীয় যে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে ব্যক্তিগত লেবৰেটৰীলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি দিয়া প্ৰেচকিপচনো ফাদিল কৰিছে বিজেপি নেতা গৰাকীয়ে।কাশ্যপে অভিযোগত কয় যে অসম মেডিকেল কলেজত সকলো চিকিৎসাৰ লগতে লেৱৰেটৰী আছে।তেনেস্থলত কাৰ নেপথ্যত মেডিকেলৰ গাতেই এনে লেৱৰেটৰী কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে।যাৰ বাবে ৰোগীয়ে অধিক গাঁঠিৰ ধন হেৰুৱাব লগীয়াত পৰে। উল্লেখ্য যে দালাল চক্রত অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাৰে লোক জড়িত থকাৰ কথা কেতিয়াবা স্বীকাৰ কৰে ৰোগীয়েও।স্থানীয় বিধায়ক গৰাকী মেডিকেল কলেজৰ পৰিচালনা সমিতিৰ অধ্যক্ষ যদিও এই ঘটনা ফাদিল হোৱাত কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া লক্ষনীয় হৈ পৰিছে।আনহাতে চিকিৎসা মহাবিদ্যালয় খনত সংঘটিত হৈ অহা এনে দালাল চক্ৰৰ বিৰুদ্ধে বিভিন্ন সময়ত কৰ্তৃপক্ষই সজাগ হয় যদিও সমূলি উৎখাত কৰিবলৈ সক্ষম হবনে? সেয়া এক বিৰ্চাযৰ বিষয়।
প্ৰেৰক বিভাস দুৱৰা