নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমতো HMPV

🔹 লখিমপুৰৰ ১০ মহীয়া শিশুৰ দেহত চীনৰ মাৰাত্মক ভাইৰাছ

বিশেষ বার্তা, ১২ জানুৱাৰী : ক’ৰোনা ভাহৰাছে সমগ্র বিশ্ব কঁপাই যোৱাৰ পাছত এইবাৰ অসমত ধৰা পৰিছে প্রথমটো এইচ এম পি ভি আক্রান্ত ৰোগী৷ দেশৰ দুখনমান ৰাজ্যত ইতিপূর্বে এই ভাইৰাছৰ দ্বাৰা আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ পাছত দেশজুৰি এলার্ট জাৰি কৰাৰ পাছত অসমত এই ভাহৰাছত আক্রান্ত ৰোগী ধৰা পৰিছে৷ জানিব পৰা অনুসৰি এই এইচ এ পি ভি ভাইৰাছত আক্রান্ত হৈছে এটি ১০মহীয়া শিশু আৰু শিশুটিৰ ঘৰ লখিমপুৰত৷ সম্প্রতি ১০মহীয়া এই শিশুটি ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ শিশুটি বিপদমুক্ত বুলি মেডিকেল কর্তৃপক্ষৰ পৰা সদৰী কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্রুৱজ্যোতি ভূঞাহ সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ৮ জানুৱাৰীত এই এইচ এম পি ভি ভাইৰাছত আক্রান্ত হোৱা লখিমপুৰৰ এটি শিশু অসম মেডিকেল কলেজত ভর্তি হৈছিল৷ প্রথমাৱস্থাত শিশুটিৰ স্বাস্থ্যৰ সকলো পেৰামিটাৰ অলপ ঊর্ধ্বত আছিল যদিও এতিয়া ক্রমান্বয়ে সকলো কমিছে আৰু বর্তমানলৈ সম্পূর্ণ সুস্থ অৱস্থাতে শিশুটিক সুকীয়াকৈ ৰখা হৈছে৷ লগতে সূক্ষ্মভাৱে সকলো নিৰীক্ষণত আছে৷ আক্রান্ত শিশুটিৰ পৰিয়ালৰ কোনো ট্ৰেভেল হিষ্ট্রী নাই বুলিও উল্লেখ কৰে অধীক্ষকগৰাকীয়ে৷ সাধাৰণতে এই ভাইৰাছত আক্রান্ত লোকৰ সাধাৰণ জ্বৰ, পানী লগা ইত্যাদি উপসর্গই দেখা দিয়ে৷ মানৱ শৰীৰত ইমিউন ছিষ্টেম দুর্বল হোৱা লোকক এই ভাইৰাছে সহজতে আক্রমণ কৰে৷ শিশু আৰু বৃদ্ধ লোক এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা দেখা যায়৷ এয়া কোনো নতুন ভাইৰাছ নহয়৷ ক’ভিডৰ সময়তে এই ভাইৰাছৰ উদ্ভৱ হৈছিল আৰু ২০১৪ চনৰে পৰা এনে পৰিপ্রেক্ষিতত অসম মেডিকেল কলেজত নিয়মীয়াকৈ ইয়াৰ পৰীক্ষা–নিৰীক্ষা কৰি থকা হৈছে বুলি অধীক্ষক ডাঃ ধ্রুৱজ্যোতি ভূঞাই সদৰী কৰি কোনো লোককে আতংকিত নহ’বলৈ পৰামর্শ দিয়াৰ লগতে সকলোকে কেৱল সজাগ হ’বলৈ আহ্বান জনায়৷ তেওঁ আৰু কয় যে আমি ক’ভিডৰ সময়ত পালন কৰা সকলো নীতি–নিয়ম নিয়াৰিকৈ মানি চলিলে এনে ৰোগৰ পৰা হাত সাৰিব পাৰি বুলিও মন্তব্য কৰে৷ স্বাভাৱিকতে ৰাজ্যত প্রথমটো এনে ৰোগৰ আৱির্ভাৱে অনাগত দিনবিলাকত কি পৰিস্থিতিৰ সৃষ্টি কৰে, সেয়া হ’ব লক্ষণীয়৷

দেশত এইচএমপিভিত আক্রান্তৰ সংখ্যা ১০জনলৈ বৃদ্ধি

দেশত এইচ এম পি ভিত আক্রান্তৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে৷ কালি গুজৰাটত এটা ৯মহীয়া শিশু আৰু ৫০ বছৰীয়া এজন ব্যক্তিৰ দেহত এইচ এম পি ভি ধৰা পৰাৰ উপৰি অসমতো প্রথমটো এইচ এম পি ভি আক্রান্ত নিশ্চিত হৈছে৷ তেনেদৰে কালি পুডুচেৰীতো প্রথমটো এইচ এম পি ভিত আক্রান্ত ধৰা পৰিছে৷ ইয়াকে লৈ দেশত এই ভাইৰাছটোত আক্রান্তৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে৷ চীনত প্রাদুর্ভাৱ ঘটা মাৰাত্মক ভাইৰাছ এইচ এম পি ভি কর্ণাটকৰ বেংগালুৰুত প্রথমটো আক্রান্ত ধৰা পৰাৰ পাছত তামিলনাডু, গুজৰাট, পশ্চিমবংগত ধৰা পৰিছিল৷ কেন্দ্রীয় চৰকাৰে এই ভাইৰাছটোক লৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক সতর্কতা অৱলম্বন কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ লক্ষণীয় যে এই ভাইৰাছটোত সকলো শ্রেণীৰ লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে যদিও প্রধানতঃ শিশু আৰু বয়োজ্যেষ্ঠ লোকসকল সহজতে আক্রান্ত হয়৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছটো সন্দর্ভত প্রকাশ কৰা মতে, এইচ এম পি ভি ভাইৰাছক লৈ উদ্বিগ্ণ হোৱাৰ কোনো কাৰণ নাই৷ ২০০১ চনত এই ভাইৰাছটো নেদাৰলেণ্ডছৰ বিজ্ঞানীয়ে চিনাক্ত কৰিছিল৷ শেহতীয়াভাৱে চীনত এই ভাইৰাছটোত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই বিশ্বজুৰি সতর্কতা অৱলম্বন কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পৰামর্শ আগবঢ়াইছে৷

You might also like