প্ৰতিবাদত সেও মানিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেঃ বিকল্প পথ পৰিদৰ্শন প্ৰতিনিধিৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোৱৰ: অৱশেষত গা লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। দল-সংগঠনৰ প্ৰতিবাদত সেও মানি এতিয়া বিকল্প পথৰ সন্ধান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।
উল্লেখ্য যে, চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ শতবৰ্ষ গৰকা মূল্যবান গছসমূহ কটাৰ যি পৰিকল্পনা কৰিছিল, তাৰ প্ৰতিবাদত এই গছসমূহক ৰক্ষাৰ বাবে বিগত কিছুদিনৰ পৰা বিভিন্ন দল–সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।
মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত প্ৰায় ৫০০০ জোপা শালগছকে ধৰি প্ৰায় ৬২০৮ জোপা গছ কটাৰ পৰিকল্পনা কৰিছিল ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকাৰীয়ে। সেই মতে বন বিভাগে কাটিবলগীয়া গছত নম্বৰ পৰ্যন্ত দিছিল । বিগত ৭ দিনৰ পৰা দল সংগঠনে গছ ৰক্ষাৰ বাবে বিকল্প ঠাইত ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰবল দাবী উত্থাপন কৰাত অৱশেষত আজি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উচ্চ পদস্থ বিষয়া আৰু বন বিভাগৰৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিকল্প ঠাই পৰিদৰ্শন কৰাত আশাৰ ৰেঙনি দেখা পাইছে হোজাইবাসীয়ে।
উল্লেখ্য যে, গছ কটাৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনে বিগত সাত-আঠ দিনৰ পৰা ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল। এই সন্দৰ্ভত উত্তৰ অসমৰ বন সংৰক্ষক বিষয়া বংকিম শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, ‘বিশেষ চাৰ্ভে একো কৰা হোৱা নাই। আমি ৰি এলাইনমেনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক প্ৰোপজ কৰিছিলো আৰু সেইটো তেওঁলোকে নিৰীক্ষণ কৰিব। বৰ্তমান গছ কটাৰ কোনো চিন্তা-চৰ্চাও কৰা হোৱা নাই। সেই পৰ্যায়লৈ দেৰি আছে বুলি মন্তব্য কৰে ।
ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা নাই । আজি বন বিভাগৰ ফালৰ উত্তৰ অসম বন চক্ৰৰ বন সংৰক্ষক, হোজাইৰ ডি এফ অ, ডবকাৰ ৰেঞ্জাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰনৰ বিষয়া সকলে যৌথভাবে বিকল্প পথ পথৰ এলেকাতো পৰিদৰ্শন কৰে ৷