নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত অধ্যক্ষা বিজিতা দেৱীৰ মৃত্যুত শোক

নিয়মীয়া বাৰ্তা, ১৩ মে’ : হোজাই বিদ্যানগৰৰ নিউডন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষা (প্ৰাথমিক) বিজিতা দেৱীৰ যোৱানিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে । মূল যোগীজান ৰাজবাৰীত জন্মলাভ কৰা বিজিতা দেৱী বিবাহ সূত্ৰে হোজাই আমতলাত থাকিবলৈ লয় । উচ্চশিক্ষিতা বিজিতা দেৱীয়ে প্ৰথমে হোজাই পাব্লিক স্কুলত কৰ্ম জীৱন আৰম্ভ কৰি হোজাই বিদ্যানগৰৰ নিউডন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষা (প্ৰাথমিক) হিচাপে কৰ্মৰত আছিল । দীৰ্ঘ দিনৰ পৰা বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বিজিতা দেৱীয়ে চিকিৎসাধীন অৱস্থাত যোৱা নিশা চাৰে দহ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে । আজি তেওঁৰ নশ্বৰ দেহ প্ৰথমে কৰ্মৰত বিদ্যালয়লৈ অনা হয় । তাত বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক- শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি সমদল কৰি মৃতদেহ আমতলাৰ বাসগৃহলৈ নিয়া হয়। তাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে শেষ শ্ৰদ্ধা জনোৱাৰ অন্তত শেষকৃত্য সম্পন্ন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি বিদ্যালয় বন্ধ ৰখা হয় । সদায় হাঁহি থকা প্ৰায় ৪৪ বছৰীয়া অধ্যক্ষাগৰাকীয়ে মৃত্যুৰ সময়ত পতি, একমাত্ৰ পুত্ৰ আৰু বহু আত্মীয়ক এৰি গৈছে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like