নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বৈঠক

নিয়মীয়া বাৰ্তা, ১৩ মেঃ হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ জিলা উপায়ু্ক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগে জনোৱা মতে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ এই সভাৰ আৰম্ভণিতে জিলা প্ৰকল্প বিষয়া হিমপৰ্ণা কলিতাই পাৱাৰ পইন্ট প্ৰেজেন্টেশ্চনৰ জৰিয়তে সম্ভাব্য বানপানীৰ প্ৰস্তুতিকৰণৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। উক্ত সভাত উপস্থিত থাকে অসম ৰজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া ডঃ মিৰ্জা মঃ ইৰ্চাদ, প্ৰকল্প পৰিচালক, মহাৰানা চৌধুৰী,প্ৰকল্প বিষয়া (DM)(Envt. &Forest)। বৈঠকত তেওঁলোকে সভাত উপস্থিত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক সম্ভাব্য বানপানীৰ সময়ছোৱাত লবলগীয়া পদক্ষেপৰ ওপৰত আলোচনা কৰে আৰু আচঁনি সমুহ কেনেদৰে ৰাজ্যিক পৰ্যায়ৰ কমিতিত উত্থাপন কৰিব লাগে তাৰ ওপৰত কিছু আভাষ দাঙি ধৰে। উক্ত দিনাই অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধি, CEO,DDMA , কৃষ্ণ কিংকৰ চহৰীয়া, চক্ৰ বিষয়া(A)হোজাই ৰাজহ চক্ৰ, ক্ষেত্ৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকল, অঙ্গনবাডী কৰ্মী, প্ৰতিৰোধী বন্ধুৰ স্বেচ্ছাসেৱীসকল, বিদ্যালয়ৰ শিক্ষকসকলৰ সহিতে এটা সজাতি দলে ৰাধানগৰ দয়াময়ী হাইস্কুল,ৰাধানগৰত স্হাপন কৰিবলগীয়া মডেল সাহাৰ্য শিবিৰটো পৰিদৰ্শন কৰি বুজ লয়। ইফালে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, চক্ৰ বিষয়া(A), ক্ষেত্ৰ বিষয়া সকল , গাঁওবুঢ়া সহিতে অতিৰিক্ত উপায়ুক্ত শ্ৰীউৰ্মি মেধিয়ে সম্ভাব্য বানপানীৰ সময়ত হ’ব পৰা গড়াখহনীয় অঞ্চল সমুহ পৰিদৰ্শন কৰে। আনহাতে অলপতে জিলা দূৰ্যোগ ব্যৱস্হাপনা প্ৰাধিকৰণ, হোজাইৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সম্ভাব্য বানপানীৰ দূৰ্যোগৰ সৈতে মোকাবিলা কৰা ও লবলগীয়া ব্যৱস্হাপনা সম্পৰ্কে তৃতীয় খন জিলা ভিত্তিক এক পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতি হিচাপে উপস্হিত থাকে জিলা উপায়ুক্ত তথা জিলা দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, হোজাইৰ সভাপতি অনুপম চৌধুৰী। সভাৰ আৰম্ভনিতে সভাপতি গৰাকীয়ে উপস্থিতসকলোকে স্বাগতম জনোৱাৰ লগতে সম্ভাব্য বানপানী দুৰ্যোগৰ সময়ত লবলগীয়া সাবধানতাৰ বিষয়ে বিস্তৃত আলোচনাত কৰে। দূৰ্যোগৰ সময়ত আক্ৰান্ত হব পৰা অঞ্চলসমুহ পৰিদৰ্শন কৰি তথ্য সংগ্ৰহ কৰিবলৈ সংশ্লিষ্ট বিভাগ সমুহক নিৰ্দেশ দিয়ে।সভাত উপস্থিত চক্ৰ বিষয়াসকল, সংশ্লিষ্ট বিভাগসমুহ যেনে জলসিঞ্চন,জলসম্পদ, জনস্বাস্হ্য কাৰিকৰী, কৃষি, স্বাস্হ্য ও পৰিয়াল কল্যাণ, পশুপালন, বিদ্যুত, খাদ্য ও অসামৰিক যোগান বিভাগ, ভাৰতীয় খাদ্য নিগমৰ লগতে অন্যান্য বে-চৰকাৰী সংস্হা সমূহৰ উপস্হিত সদস্য সকলক জিলা খনত হব পৰা সাম্ভাব্য বানপানীৰ বাবে সজাগ হ’বলৈ আহ্বান জনায়। দূৰ্যোগৰ সময়ছোৱাত ৰাস্তা ঘাট, দলং আদিৰ ক্ষয় ক্ষতি হ’লে তাৎক্ষণিকভাৱে তথ্য দাখিল কৰিবলৈ জিলা লোকনিৰ্মাণ বিভাগক উপায়ুক্ত জনে সভাত নিৰ্দেশ দিয়ে। উপায়ুক্ত জনে নদী কাষৰীয়া অঞ্চল সমুহৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰি দূৰ্যোগৰ সময়ত লবলগীয়া সাবধানতাৰ বিষয়ে অবগত কৰিবলৈ সমাজ কল্যাণ বিভাগৰ অঙ্গনৱাড়ী কৰ্মী,আশা কৰ্মীৰ লগতে বে-চৰকৰী সংস্থাসমুহৰ কাৰ্যকৰ্তাসকলক নিৰ্দেশ দিবলৈ চক্ৰ বিষয়াসকলক আহ্বান জনোৱাৰ লগতে সাম্ভাব্য বানপানীৰ সময়ছোৱাত হ’ব পৰা বেমাৰ-আজাৰ, মহামাৰী ওপৰত দৃষ্টি ৰাখিবলৈ তথা চিকিৎসা সেৱা প্ৰদান কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনোৱাৰ উপৰি এই দূৰ্যোগৰ সযয়ছোৱাত পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী মজুত ৰাখিবলৈও খাদ্য-অসামৰিক যোগান বিভাগৰ জৰিয়তে ভাৰতীয় খাদ্য নিগমক অনুৰোধ জনায়। সভাত সম্ভাব্য বানপানীত আক্ৰান্ত অঞ্চল সমুহত বিদ্যুত যোগানৰ প্ৰয়োজনীয় ব্যৱস্থাৰ ওপৰত নজৰ ৰাখিবলৈও বিভাগটোক আহ্বান জনায়। সভাত হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধি, ৰাজহ চক্ৰ বিষয়া,হোজাই চন্দন বৰগোহাঁই, ৰাজহ চক্ৰ বিষয়া,লঙ্কা ডিম্পী গগৈ, ৰাজহ চক্ৰ বিষয়া, ডবকা অঙ্কিতা বৰা, জিলা প্ৰকল্প বিষয়া, DDMA হিমপৰ্না কলিতা, পৰিচালক, ভাৰতীয় খাদ্য নিগম, ডঃ আৰ চি বৰদলৈ, SDM&HO, বিভিন্ন বেচৰকাৰী সংস্থা, লগতে সংশ্লিষ্ট বিভাগসমুহৰ বিষয়া সকলো উপস্হিত থাকে।

প্ৰেৰক  কিশলয় ডি গোস্বামী

You might also like