নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলনী গাঁও পঞ্চায়তত বিজেপিৰ সাংগঠনিক সভা

নিয়মীয়া বাৰ্তা, ১৩ মে :: শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ চিলনী গাঁও পঞ্চায়তৰ উদ্যোগত আজি বালিগাঁও মিচিং যুৱক সংঘৰ প্ৰেক্ষাগৃহত এখন দলীয় সাংগঠনিক সভা অনুষ্ঠিত হয় । বালিপৰা ব্লক মণ্ডল বিজেপিৰ সভাপতি ধ্ৰুৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চিলনী গাঁও পঞ্চায়তৰ সভাপতি দেনেশ্বৰ পাৱ, ব্লক মণ্ডলৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে চেৰেং তপ্ন আৰু সদানন্দ হাজৰিকা, জিলা সম্পাদক কেশৱ উপাধ্যায়, এচ টি মৰ্চাৰ জিলা সম্পাদক ৰণক পাৱ, চিলনী শক্তিকেন্দ্ৰৰ আহ্বায়ক তুলসী শৰ্মা, ব্লকৰ উপ-সভাপতি বিৰুচন মিলি, বিনন্দ পাটোৱাৰী, কৃষক মৰ্চাৰ সভাপতি বিমান বৰাসহ ভালেমান দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like