বিশেষ বাৰ্তা, ১৩ জুলাইঃ নতুন দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঠিকনা সলনি কৰিবলৈ ওলাইছে। প্ৰাক্তন সাংসদগৰাকীৰ ঘনিষ্ঠ মহলৰ পৰাও একেধৰণৰ খবৰ আহিছে। নিৰাপত্তাৰ অনুমতি লাভ কৰি নতুন ঠিকনালৈ স্থানান্তৰিত হ’ব ৰাহুলে। ইতিমধ্যে ঘৰ সলনি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাহুলে। ৰাহুলৰ ঘনিষ্ঠ মহলৰ পৰাও জানিব পৰা গৈছে যে ৰাহুলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ ঘৰ ভাৰাত লৈছে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কংগ্ৰেছ নেতা শীলাৰ বাসগৃহ দক্ষিণ দিল্লীত। ৰাহুলে নিজামুদ্দিন অঞ্চলৰ ১৫০০ বৰ্গফুটৰ একেটা ঘৰতে থাকিবলৈ ওলাইছে, হুমায়ুনৰ সমাধিৰ ঠিক পিছফালে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি এতিয়া সেই ঘৰতে থাকে শীলাৰ পুত্ৰ তথা প্ৰাক্তন কংগ্ৰেছ সাংসদ সন্দীপ দীক্ষিত। ৰাহুলৰ বাবে সেই ঘৰটো এৰি যাবলৈ মান্তি হ’ল। ৰাহুলে পায় জেড প্লাছৰ নিৰাপত্তা। তেনে ক্ষেত্ৰত তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া আৰু সংগঠনৰ অনুমতি লাভ কৰিহে তেওঁ নিজৰ বাসগৃহ সলনি কৰিব পাৰিব। সেই ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি আছে ৰাহুলে। গুজৰাটৰ এখন আদালতে মোদী উপাধিৰ ওপৰত মন্তব্য কৰাৰ বাবে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে। সাংসদ পদৰ পৰা তেওঁক বৰ্খাস্ত কৰা হয়। সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত যোৱা এপ্ৰিল মাহত তেওঁ চৰকাৰী বাসগৃহটো এৰি যায়। তেতিয়াৰ পৰাই ৰাহুলে দিল্লীৰ দহ জনপথ ঘৰত মাতৃ ছোনিয়া গান্ধীৰ সৈতে বাস কৰি আহিছে।
Prev Post
You might also like