বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে ৰাজ্যৰ গৃহ বিভাগে গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি কৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে দৈনিক ভাট্টা বৃদ্ধিৰ বাবে দীর্ঘদিন ধৰি দাবী জনাই আহিছিল৷ ৰাজ্য চৰকাৰে এই দিশত সঁহাৰি জনাই গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা বৃদ্ধিৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে৷ মুখ্যমন্ত্রীৰ নির্দেশমর্মে ৰাজ্যৰ গৃহ বিভাগে এক অধিসূচনা জাৰি কৰি আজিৰে পৰাই এই বর্দ্ধিত ভাট্টা কার্যকৰী হব বুলি জানিবলৈ দিছে৷ ইয়াৰ পূর্বে প্রাথমিক প্রশিক্ষণ সমাপ্ত কৰা গৃহৰক্ষী বাহিনীৰ এগৰাকী জোৱানে দৈনিক ৩০০ টকা আৰু উন্নত প্রশিক্ষণ সমাপ্ত কৰা জোৱান এগৰাকীয়ে দৈনিক ৩১৫ টকাকৈ লাভ কৰি আহিছিল৷ ৰাজ্য চৰকাৰে আজি গ্রহণ কৰা এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহৰক্ষী বাহিনীৰ প্রায় ২৪ হাজাৰ জোৱান উপকৃত হোৱাৰ লগতে এনে এগৰাকী জোৱানৰ মাহিলি পাৰিতোষিক ২৩,০১০ টকালৈ বৃদ্ধি পাব৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো শ্রেণীৰ জনসাধাৰণৰ সর্বাংগীণ কল্যাণৰ অর্থে নিৰন্তৰ প্রয়াস চলাই আহিছে৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ এই ভাট্টা বৃদ্ধিয়ে গৃহৰক্ষী বাহিনীৰ জোৱানসকলক অধিক নিষ্ঠা আৰু উৎসর্গিত মনোভাৱেৰে কর্মত ব্রতী হবলৈ উৎসাহ যোগাব বুলি তেওঁ আশা প্রকাশ কৰে৷