বিশেষ বাৰ্তা, ১০ মার্চ : গুৰুজনাৰ জন্মস্থানত নির্মাণ হৈ থকা বটদ্রৱা প্রকল্পৰ গুৰু আসনভাগৰ শুভাৰম্ভ কৰিবলৈ অহা ১৪ মার্চত বটদ্রৱা থানলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ উক্ত দিনা ঐতিহাসিক বিৰল মুহূর্তৰ সাক্ষী হ’ব অসমবাসী৷ সেইদিনা গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ জাতীয় জীৱনৰ বাবে ঐতিহাসিক ক্ষণ হ’ব৷ কিয়নো, গৃহমন্ত্রী অমিত শ্বাহে সেই দিনটোতে ১৮৮ কোটি টকা ব্যয়েৰে নির্মাণ হৈ থকা বটদ্রৱা প্রকল্পৰ প্রথম পর্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পর্যায়ৰ কামৰ শুভাৰম্ভ কৰিব৷ উল্লেখ্য যে ২০২১ চনৰ ২৫ ফেব্রুৱাৰীত গৃহমন্ত্রী অমিত শ্বাহে বহুপ্রত্যাশিত এই বটদ্রৱা প্রকল্পৰ নির্মাণকার্যৰ শুভাৰম্ভণি কৰিছিল৷ এতিয়াৰে পৰা নির্মাণকার্য চলি থকা এই প্রকল্প পৃথিৱীৰ আটাইতকৈ ওখ গুৰুৰ আসন, সত্রীয়া সংস্কৃতি প্রতিফলিত হোৱা বিভিন্ন কাৰুকার্য খটোৱা অতিথিগৃহ, মিউজিয়াম, পুথিভঁৰাল, সংগীত চর্চা কেন্দ্র, উদ্যান আদি নির্মাণ কৰি থকা হৈছে৷ কালি বটদ্রৱা প্রকল্পস্থলীত নগাঁৱৰ বিধায়ক ৰূপক শর্মাই জিলা আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহৰ সৈতে প্রকল্পস্থলী পৰিদর্শন কৰে৷ মন কৰিবলগীয়া যে ২০১৬ চনত বিজেপি চৰকাৰে শাসনভাৰ গ্রহণ কৰাৰ পাছতে তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্রৱা থানৰ আকাশীগংগা তীৰৰ ১৬০ বিঘা ভূমি বেদখলমুক্ত কৰি সেই স্থানতে ঐতিহাসিক বটদ্রৱা প্রকল্পৰ নির্মাণকার্য আৰম্ভ কৰা হৈছে৷