নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ মে’ নহয়, ২৫ মে’ত অমিত শ্বাহৰ উপস্থিতিত নিযুক্তিপত্র বিতৰণ পৰ্ব ৰাজ্য চৰকাৰৰ

বিশেষ বাৰ্তা, ১৯ মেঃ অহা ২৬ মে’ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্য চৰকাৰে ৪৫ হাজাৰৰো অধিক যুৱক–যুৱতীক নিযুক্তিপত্র বিতৰণৰ অনুষ্ঠান এদিন আগুৱালে৷ অহা ২৫ মে’তেই সেই নিযুক্তিপত্র বিতৰণ অনুষ্ঠান সম্পন্ন হ’ব৷ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক সেই বিষয়ে জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ২৭ মে’ত নতুন দিল্লীত নিটি আয়োগৰ বৈঠক অনুষ্ঠিত হ’ব৷ তাৰ পৰিপ্রেক্ষিতত তেওঁ অহা ২৬ মে’ত দিল্লীলৈ যাব লাগিব৷ ৰাজ্য চৰকাৰৰ অনুৰোধমর্মে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ অহা ২৪ মে’ৰ গধূলি গুৱাহাটীলৈ আহি ২৫ মে’ত নিযুক্তিপত্র বিতৰণ অনুষ্ঠানত অংশগ্রহণৰ বাবে সন্মতি প্রকাশ কৰিছে৷

You might also like