নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীক নিচাযুক্ত টেবলেট খুওৱা ঘৰুৱা শিক্ষয়িত্ৰী লীনাক গ্ৰেপ্তাৰ

🔹 আদালতত হাজিৰ কৰোৱাৰ পিছতে জে’ল-হাজোতলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৪ আগষ্ট : ছাত্ৰ-ছাত্ৰীক নিচাযুক্ত টেবলেট খুওৱাই অচেতন কৰা ঘৰুৱা শিক্ষয়িত্ৰী লীনা কলিতাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। সাতগৰাকীকৈ শিক্ষাৰ্থীক নিচাযুক্ত টেবলেট খুওৱাই চিকিৎসালয়লৈ পঠিওৱা শিক্ষয়িত্ৰীগৰাকীৰ ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিছিল আমিনগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে। আমিনগাঁও ত্ৰিনয়ন নগৰৰ ঘৰুৱা শিক্ষয়িত্ৰী  লীনা কলিতাৰ সমুখত আমিনগাঁও আৰক্ষীৰ  দুৰ্বল ভূমিকাক লৈ সৰৱ হয় স্থানীয় ৰাইজ। কিশোৰ-কিশোৰীক নিচাযুক্ত টেবলেট খুওৱাত হাস্পতালৰ আই চি ইউত ভৰ্তি কৰিবলগীয়া হোৱাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতো ঘৰুৱা শিক্ষয়িত্ৰী লীনা কলিতাক আমিনগাঁও আৰক্ষী চকীলৈ  মাতি আনি সোধা-পোছা কৰিবলৈ সাহস গোটাব নোৱাৰা আমিনগাঁও আৰক্ষীয়ে ওলোটাই  অভিভাৱকসকলকহে ধমক দিছিল বুলি গুৰুতৰ অভিযোগ আনিছে । আনহাতে, লীনা কলিতা আৰু তেওঁৰ মাকে আৰক্ষীৰ সম্মুখতে অভিভাৱক আৰু কৰ্তব্যৰত সাংবাদিকৰ লগতে একাংশ পুলিচ কনিষ্টবলকো বেয়া ব্যৱহাৰ কৰাৰ পিছতো আৰক্ষীয়ে লীনা কলিতাক  আলহীৰ দৰে বহুৱাই ৰাখি শেষত স-সন্মানে ঘৰলৈ যাব দিছিল বুলি অভিযোগ উত্থাপন হৈছিল। আনকি আৰক্ষী চকীত বহিয়েই  লীনা কলিতা আৰু তেওঁৰ মাকে “আমি ড্ৰাগছৰ বেপাৰ কৰোঁ, আপোনালোকে কিনে, কি কৰিব” বুলি অভিভাৱক দম্ভালি মাৰি কথা কোৱাৰ পিছতো আৰক্ষীয়ে নীৰৱ দৰ্শক হৈ চাই আছিল। অৱশেষত সংবাদ মাধ্যমে আৰম্ভণিৰ পৰাই ধাৰাবাহিক বাতৰি পৰিৱেশন কৰাত আৰক্ষীৰ গা লৰিল ।  ভুক্তভোগী অভিভাৱকসকলে আনকি মুখ্যমন্ত্ৰীগৰাকীলৈও দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহিবলৈকো কাতৰ আহ্বান জনাইছিল। অৱশেষত আজি আমিনগাঁও আৰক্ষীয়ে ঘৰুৱা শিক্ষয়িত্ৰী লীনা কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ল।  তেওঁক আজি আৰক্ষী চকীলৈ মাতি আনি সোধা-পোছাৰ অন্তত 109/24 BNS 123ৰ অধীনত আৰক্ষীয়ে নিচাযুক্ত টেবলেট খুওৱাৰ প্ৰমাণৰ আধাৰত লীনা কলিতাক গ্ৰেপ্তাৰ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ডেকাই । গ্ৰেপ্তাৰ কৰি পোনে পোনে কামৰূপৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰায় ঘৰুৱা শিক্ষয়িত্ৰী লীনা কলিতাক । আদালতত হাজিৰ কৰোৱাৰ পিছতে জে’ল-হাজোতলৈ প্ৰেৰণ কৰে শিক্ষয়িত্ৰী লীনা কলিতাক । উল্লেখ্য যে ফুলকুমলীয়া শিক্ষাৰ্থীক অত্যধিক নিচাযুক্ত টেবলেট খুওৱা বাবেই দুগৰাকী শিক্ষাৰ্থী জি এম চি এইচত থকাৰ উপৰি আন ছাত্ৰ-ছাত্ৰীসকলো এতিয়ালৈ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই।

প্ৰেৰক মুনীন ডেকা 

You might also like