পঞ্চভূতত বিলীন হ’ল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ নশ্বৰদেহ
নিয়মীয়া বাৰ্তা ১২ মেঃ মহানগৰীৰ নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয় বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্রিয়া।
বুধবাৰে পুৱা ৬.৫৮ বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে।
আনহাতে, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্রী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা প্রয়াত সাহিত্যিকগৰাকীৰ নশ্বৰদেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
নৱগ্ৰহ শ্মশানত উপস্থিত হৈ অসমৰ জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য অনুষ্ঠানত অংশ লোৱাৰ লগতে প্ৰয়াত সাহিত্যিকগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পন কৰি তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰোঁ। pic.twitter.com/wYD6FSgkyZ
— Himanta Biswa Sarma (@himantabiswa) May 12, 2021
উল্লেখ্য যে ১৯৭৮ চনত পিতা-পুত্ৰ নামৰ গ্ৰন্থখনৰ বাবে তেখেতে সন্মানীত হৈছিল সাহিত্য অকাডেমী বঁটাৰে। ইয়াৰোপৰি অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানীত হৈছিল মহীৰূহ হোমেন বৰগোহাঞি।