নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰৰ পৰা ট্ৰাকত ৰাখি থোৱা হৈছে কভিড আক্ৰান্তৰ মৃতদেহ

নিয়মীয়া বাৰ্তা ১২ মেঃ   বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰোনা ভাইৰাছে সংহাৰ অব্যাহত ৰাখিছে। বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰত কভিডে ব্যাপক সংহাৰী ৰূপ ধাৰণ কৰিছিল। সেই সময়ত শ-শ লোকে কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তেতিয়া এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যে মৃতদেহৰ বাবে ঠাই নাছিল আৰু বৰফাবৃত্ত থকা ট্ৰাকত ৰখাৰ ব্যৱস্থা কৰিছিল প্ৰশাসনে। এতিয়া প্ৰায় ১ বছৰৰ পিছত কেইবাশ মৃতদেহ বৰফাবৃত্ত ট্ৰাকত থোৱা হৈছে আৰু এতিয়াও সৎকাৰ কৰা হোৱা নাই।

নিউয়ৰ্কৰ স্থানীয় সংবাদ মাধ্যমৰ মতে স্থানীয় প্ৰশাসনে এতিয়াও প্ৰায় ৭৫০ টা মৃতদেহ ৰাখি থোৱা হৈছে আৰু সৎকাৰ কৰিবলৈ বাকী আছে। আৰু লাহে লাহে সৎকাৰ কৰিবলৈ ব্যৱস্থা কৰা হৈছে।

নিউয়ৰ্কৰ ওচৰৰ হাৰ্ট দ্বীপত বৃহত মৰিশালী আছে য’ত দুখীয়া লোক সৎকাৰ কৰা হয়। এতিয়া যিকেইখন ট্ৰাকত মৃতদেহ সমূহ আছে সেইবোৰ তাত সৎকাৰ কৰা হ’ব। এতিয়া স্থানীয় প্ৰশাসনে মৃতকৰ পৰিবাৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। দৰাচলতে বিগত নিউয়ৰ্কত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে বহু লোকৰ মৃত্যু হৈছিল। তেতিয়া বহু লোকৰ মৃতদেহ সমূহ ট্ৰাকত ৰাখি থোৱা হৈছিল পৰিয়ালৰ লোকৰ অনুৰোধ মৰ্মে যাতে অন্তিম বিদায় ভালদৰে দিব পাৰে।

You might also like