নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ প্রথিতযশা সাহিত্যিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিক আজি চলিত বর্ষৰ ‘হেলিম হুছেইন সোঁৱৰণী অসম সন্তান উত্তৰ পুৰুষ বঁটা’ প্রদান কৰা হয়৷ উত্তৰ পুৰুষৰ মঞ্চ, অসমৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাগ্মীবৰ নীলমণি ফুকন প্রেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কথাশিল্পী বৰগোহাঞিক আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰা হয়৷ উত্তৰ পুৰুষৰ মঞ্চৰ কবি–সাংবাদিক প্রয়াত হেলিম হুছেইনৰ সহধর্মিণী জার্জিনা বেগমৰ সহযোগত প্রদান কৰা এই বঁটাত আছে অংগবস্ত্র, জাপি, সম্পর্ধনা–পত্র, গ্রন্থৰ টোপোলা, শৰাই, চেলেং আৰু এটা বকুল পুলিৰ লগতে নগদ ১০ হাজাৰ টকা৷ মঞ্চৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বঁটা গ্রহণ কৰি বৰগোহাঞিয়ে মঞ্চৰ কাম–কাজৰ শলাগ লয়৷ সাহিত্যিকগৰাকীয়ে কয় যে উত্তৰ পুৰুষৰ মঞ্চই ধুবুৰীৰ পৰা শদিয়ালৈ আদর্শৱান লোকসকলক সংগঠিত কৰি জনকল্যাণমূলক কাম–কাজত বিশেষ ভূমিকা গ্রহণ কৰিছে৷ অনুষ্ঠানত সাহিত্যিকগৰাকীয়ে বিখ্যাত লেখক চালর্ছ ডিকেন্সৰ ‘এ টেল অৱ টু চিটিজ’ শীর্ষক ইংৰাজী গ্রন্থখনত সর্বাধিক ব্যৱহাৰ হোৱা দুটা বাক্য ক্রমে–‘It was the best of time’ আৰু‘It was the worst of time’ৰ ভাবার্থ উনুকিয়াই কয় যে সাম্প্রতিক সময়ত মানুহৰ প্রতিভা আৰু আৱিষ্কাৰে সমাজখনক আগবঢ়াই নিবলৈ সক্ষম হৈছে৷ একে সময়তে মানুহৰ জীৱনৰ আদর্শৰ স্খলনো হোৱা বুলি তেওঁ উল্লেখ কৰে৷
অৱশ্যে ইয়াৰ মাজতে বহু মানুহে ভাল কাম কৰা বুলি উল্লেখ কৰি উত্তৰ পুৰুষৰ মঞ্চই সাংঘাতিক একো কৰিব নোৱাৰিলেও ভাল কামত কিঞ্চিত বৰঙণি আগবঢ়াই নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত সমর্থ হৈছে৷ মঞ্চৰ ভাল কামৰ প্রশংসা কৰি সাহিত্যিকগৰাকীয়ে কয় যে আজিকালি ভাল কামৰ স্বীকৃতি বা পুৰস্কাৰ নাই যদিও ভাল কাম নিজেই এটা পুৰস্কাৰ৷ সেয়েহে ভাল কামৰ পৰা সকলোৰে মংগল হোৱাৰ লগতে কর্তাই আটাইতকৈ বেছি উপকৃত হোৱা বুলি সাহিত্যিকগৰাকীয়ে মন্তব্য কৰে৷ ইপিনে প্রয়াত কবি–সাংবাদিক হেলিম হুছেইনৰ ব্যক্তিত্ব আৰু প্রতিভা সম্পর্কে সাহিত্যিকগৰাকীয়ে কিছু কথা ব্যক্ত কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে প্রয়াত হেলিম হুছেইনৰ প্রতিচ্ছবিত মাল্যাপর্ণ আৰু বন্তি প্রজ্বলন কৰে মঞ্চৰ মুখ্য উপদেষ্টা দেৱৰাজ কলিতা আৰু হেলিম হুছেইনৰ পত্নী জার্জিনা বেগমে৷ হূত্বিকা শর্মাৰ বৰগীত আৰু উত্তৰ পুৰুষৰ মঞ্চৰ শীর্ষ গীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ আদৰণী বক্তব্য প্রদান কৰে জার্জিনা বেগমে৷ অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা আৰু হেলিম হুছেইন স্মাৰক বত্তৃণতা প্রদান কৰে উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক দিবাকৰ ৰেণুৱে আৰু বিশিষ্ট কবি তথা মৰিগাঁও সমষ্টিৰ প্রাক্তন বিধায়ক হৰেন্দ্র বৰাই৷ উত্তৰ পুৰুষৰ মঞ্চ আৰু জার্জিনা বেগমৰ দ্বাৰা প্রকাশিত হেলিম হুছেইনৰ জীৱনৰ বিচ্ছুৰিত বর্ণালী নামৰ পত্রিকাখন উন্মোচন কৰে সাহিত্যিক হোমেন বৰগোহাঞিয়ে৷ নবীন লেখক–লেখিকা শিল্পী সমিতিৰ প্রাক্তন সভানেত্রী ড০ মঞ্জুদেৱী পেগু আৰু বিশিষ্ট কবি আনিছ উজ জামান উপস্থিত থকা উক্ত অনুষ্ঠানত কথাশিল্পীগৰাকীক হেলিম হুছেইন সোঁৱৰণী অসম সন্তান উত্তৰ পুৰুষ বঁটাটো প্রদান কৰে মঞ্চৰ পঞ্জীয়ন কমিটীৰ সভাপতি ড০ অণিমা বৰা আৰু জার্জিনা বেগমে৷ পুলকেশ ৰয় বৰুৱাই আঁত ধৰা অনুষ্ঠানত উত্তৰ পুৰুষৰ মঞ্চৰ উপ–সভাপতি দীপামণি বৰঠাকুৰ, সাধাৰণ সম্পাদক গৌতম হালৈ, বিশিষ্ট সাহিত্যিক অশ্বিনী বেজবৰুৱা, বিশিষ্ট সমাজকর্মী নিৰেন চন্দ্র বৈশ্য আদি উপস্থিত থাকে৷