কুকুৰমাৰাত শিহুৰ জলকেলিয়ে অভিভূত কৰিলে হোমেন বৰগোহাঞিক
কলহীৰ বুকুত উদ্যোগৰ দেৱাল নির্মাণক লৈ উদ্বিগ্ন বিশিষ্ট কথাশিল্পী
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ কুকুৰমাৰাৰ কলহী নৈৰ বুকুত শিহুৰ জলকেলিয়ে অভিভূত কৰিলে বিশিষ্ট সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞিক৷ দক্ষিণ–পূব এছিয়াৰ ভিতৰতে অদ্বিতীয় আৰু এই অঞ্চলৰ মাছমৰীয়া আৰু সাধাৰণ বালি শ্রমিকৰ পৰম বন্ধু ৰিভাৰ ডলফিন (নদী শিহু)ৰ বাবে বিখ্যাত কলহী নৈৰ বুকুত নৌকা বিহাৰ কৰি অভিভূত হৈ পৰে বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞি৷
কলহী নৈৰ বুকুত শিহুৰ জলকেলি প্রত্যক্ষ কৰি ২ ঘণ্টা সময় কটাই নৌকা বিহাৰ কৰি ইয়াৰ সভ্যতা, সংস্কৃতিৰ কথা জানিব পাৰি আপ্লুত হৈ পৰে বিশিষ্ট সাংবাদিকগৰাকী৷ তেওঁ নদীৰ বুকুত নৌকা বিহাৰ কৰাৰ সময়ত নৈৰ কুলু কুলু শব্দ আৰু নির্মল সুৰীয়া বতাহে যথেষ্ট আমেজ দিয়া বুলি উল্লেখ কৰে৷ এই কলহী নৈত শান্তিৰ পৰিৱেশ আছে বুলি তেওঁ দোহাৰে৷
নৈখনৰ বুকুত থকা পৃথিৱী বিখ্যাত শিহু সংৰক্ষণৰ পোষকতা কৰে কথাশিল্পী বৰগোহাঞিয়ে৷ কলহী নৈত থকা নদী শিহুৰ প্রজনন কেন্দ্র ‘দো–মুখা’ত আই টি চি উদ্যোগৰ বৃহৎ আকাৰৰ কংক্রিট ৱাল নির্মাণ কৰা বিষয়টো স্থানীয় ৰাইজে অৱগত কৰে বিশিষ্ট সাংবাদিকগৰাকীক৷ বিষয়টো এক চিন্তাৰ বিষয় বুলি অভিহিত কৰে হোমেন বৰগোহাঞিয়ে৷
ইফালে একাংশ বালি ব্যৱসায়ীয়ে সহজলভ্য ধনৰ লালসাত কলহী নৈৰ বুকুত নাৱৰ পৰিৱর্তে যন্ত্রচালিত মেচিন ব্যৱহাৰ কৰি বালি উঠোৱাটো ৰাইজৰ পৰা জানিব পাৰি ই মাছ আৰু শিহুৰ প্রতি ভাবুকিৰ কাৰক বুলি মন্তব্য কৰে কথাশিল্পী বৰগোহাঞিয়ে৷ আনকি ইয়াৰ অনুমতি কেনেদৰে লাভ কৰে বুলিও তেওঁ প্রশ্ণ কৰে?
নৌকা বিহাৰৰ সময়ত শিহুৰ আবাদী কেন্দ্র দো–মুখাত আই টি চি উদ্যোগ কর্তৃপক্ষই কেনেকৈ ৱাল নির্মাণ কৰাৰ অনুমতি লাভ কৰিলে, ই এক উদ্বেগজনক বিষয় বুলিও অভিহিত কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে৷ উল্লেখ্য যে কুকুৰমাৰা গাঁৱৰ কৃষ্ণৰাম কৈৱর্তৰ আমন্ত্রণ ৰক্ষা কৰি বিশিষ্ট কথাশিল্পীগৰাকীয়ে কলহীৰ বুকুত শিহুৰ জলকেলি উপভোগ কৰে৷