নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিন ল’বলৈ ভয় কৰাটো মানুহৰ চাৰিত্রিক দুর্বলতাঃ হোমেন বৰগোহাঞি

বৰপেটাত ক’ৰোনা ভেকচিন গ্রহণ কথাশিল্পীগৰাকীৰ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কালি বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিক ক’ভিড ভেকচিন প্রদান কৰা হয়৷ গুৱাহাটীৰ পৰা আহি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে দিনৰ প্রায় ১২.৩০ বজাত বিশিষ্ট সাহিত্যিকগৰাকীক ক’ভিড ভেকচিন প্রদান কৰে৷

ক’ভিড ভেকচিন প্রদানৰ সময়ত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, বৰপেটা স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তীর্থনাথ শর্মাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া আৰু একাংশ জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকে৷ ক’ভিড ভেকচিন প্রদানৰ পিছতে সাংবাদিকক সম্বোধন কৰি প্রসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিয়ে বিজ্ঞানৰ অৱদান ভেকচিন ল’বলৈ বহু লোকে ভয় কৰা কথাটো কল্পনা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে৷

তেওঁ কয় যে ২০২১ চনত ভেকচিন ল’বলৈ ভয় কৰাটো মানুহৰ চাৰিত্রিক দুর্বলতা৷ দেশৰ কোটি কোটি জনতাই ভেকচিন লৈছে৷ ৰাইজক নির্ভয় কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজে ভেকচিন লৈছে৷ ভেকচিন লোৱাৰ পিছত য’লৈ–ত’লৈ লৈ যাবলৈ কোনো শংকাবোধ নোহোৱা বুলিও মন্তব্য কৰে৷

তেওঁ কয় যে ভেকচিনটো ভগৱানৰ দান, বিজ্ঞানৰ দান, প্রতিভাৰ দান৷ যিসকল মানুহে ভেকচিন লৈছে, সেইসকল ভাল মানুহ, চৰিত্রৱান মানুহ, সাহসী মানুহ৷ যিসকলে ভেকচিন লোৱা নাই, সেইসকল মানুহৰ শিক্ষা–দীক্ষা যিমানেই নহওক কিয়, তেওঁলোকৰ মনৰ পৰা কু–সংস্কাৰ দূৰ হোৱা নাই৷ নিজৰ স্বার্থতে নহয়, সমাজৰ স্বার্থৰ বাবে প্রত্যেকে ভেকচিনটো লোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে ৷

যিটো বস্তু নিজলৈ, সমাজলৈ আশীর্বাদ হৈ আহিছে, সেইটো ভয় কৰা বা নিন্দা কৰা সভ্য মানুহৰ কাম নহয় বুলিও প্রসিদ্ধ সাহিত্যিকগৰাকীয়ে মন্তব্য কৰে৷ ইপিনে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জানিবলৈ দিয়া মতে এতিয়ালৈকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১,১৬৫গৰাকী লোকে প্রথম পালি আৰু ১৬০গৰাকীয়ে দ্বিতীয় পালি ক’ভিড ভেকচিন গ্রহণ কৰিছে৷ আনহাতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত  বৰপেটাৰ সাংবাদিকসকলকো ভেকচিন প্রদান কৰা হয়৷

You might also like