নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকলে দৌৰি স্বর্ণ জয় হিমাৰ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ অকলেই দৌৰি স্বর্ণ পদক জয় কৰিলে ভাৰতৰ আগশাৰীৰ মহিলা এথলীট অসম কন্যা হিমা দাসে৷ পাটিয়ালাত শুকুৰবাৰে অনুষ্ঠিত ইণ্ডিয়ান গ্রাঁ–প্রি ৩ৰ মহিলাৰ ১০০ মিটাৰ দৌৰত স্বর্ণ পদক জয় কৰে হিমা দাসে৷

১১.৬৭ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পন্ন কৰি ধিং এক্সপ্রেছে কেৰিয়াৰশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷ এই শাখাত কোনো এথলীটে ৰূপ আৰু ব্রঞ্জৰ পদক দখল কৰা নাছিল৷ কিয়নো, প্রতিযোগিতাখনৰ এই ইভেণ্টটোত হিমা দাসৰ বাহিৰে আন কোনো খেলুৱৈয়ে অংশগ্রহণ কৰা নাছিল৷

হিমা দাসৰ বিৰুদ্ধে কোনো খেলুৱৈয়ে ইভেণ্টটোত প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ ইচ্ছা প্রকাশ নকৰিলে৷ হিমা দাসৰ লগতে পঞ্জাবৰ অমৃত কৌৰে ইভেণ্টটোত অংশগ্রহণৰ বাবে এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়ালৈ নাম প্রেৰণ কৰিছিল যদিও অন্তিম মুহূর্তত অমৃত কৌৰে নাম প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ফলত অসম কন্যা হিমা দাসে অকলেই এই ইভেণ্টটোত অংশগ্রহণ কৰি স্বর্ণ পদক জয় কৰিবলৈ সক্ষম হয়৷

You might also like