নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কথাশিল্পী হোমেন বৰগোহাঞিক জীৱনজোৰা সাধনা বঁটা প্রদান

আৰ এন বৰুৱা–প্রতিভা বৰুৱা স্মাৰক বঁটা

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ  অসমৰ সাংবাদিকতা আৰু সাহিত্যৰ জগতখনক সমৃদ্ধ কৰি অহা যশস্বী সাংবাদিক, কথাশিল্পী হোমেন বৰগোহাঞিক আজি আৰ এন বৰুৱা আৰু প্রতিভা বৰুৱা স্মাৰক বঁটা সমিতিয়ে সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্রদান কৰে৷ ‘দ্য আছাম ট্রিবিউন’ চৌহদত আয়োজিত অনুষ্ঠানত ‘দৈনিক অসম’ৰ সম্পাদক ড০ অমৰজ্যোতি চৌধুৰীয়ে কথাশিল্পী হোমেন বৰগোহাঞিক এই বঁটা প্রদান কৰে৷ বঁটা হিচাপে বৰগোহাঞিলৈ গামোচা, মানপত্র আৰু নগদ ৫০ হাজাৰ টকা আগবঢ়োৱা হৈছে৷ অনুষ্ঠানত ‘দৈনিক অসম’ৰ ষ্টাফ ৰিপ’টাৰ অৰূপ শাণ্ডিল্যক ২০১৮–১৯ বর্ষৰ প্রতিভা বৰুৱা স্মাৰক বঁটা আৰু আৰ এন বৰুৱা স্মাৰক বঁটা মুক্ত সাংবাদিক ৰাণু বৰুৱাক প্রদান কৰা হয়৷ অনুষ্ঠানত ‘অসম বাণী’ৰ সম্পাদক দিলীপ চন্দনে অৰূপ শাণ্ডিল্যক আৰু ‘দৈনিক অসম’ৰ সম্পাদক ড০ অমৰজ্যোতি চৌধুৰীয়ে ৰাণু বৰুৱাক বঁটা প্রদান কৰে৷ ‘দ্য আছাম ট্রিবিউন’ৰ প্রাক্তন সম্পাদক, আৰ এন বৰুৱা আৰু তেওঁৰ সহধর্মিণী প্রতিভা বৰুৱাৰ স্মৃতিত আগবঢ়োৱা এই বঁটাত আছে প্রশস্তি–পত্রৰ লগতে নগদ ৫০ হাজাৰকৈ টকা৷ বঁটা গ্রহণ কৰি যশস্বী সাংবাদিক, কথাশিল্পী হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ত সম্পাদক হৈ থকাৰ সময়ৰ মধুৰ স্মৃতি সোঁৱৰণ কৰি কয় যে ‘অসম বাণী’য়ে তেওঁৰ সাংবাদিক জীৱনত এক ভূমিকা গ্রহণ কৰি আছে৷ তেওঁ কয়– ‘দ্য আছাম ট্রিবিউন প্রতিষ্ঠানত কাম কৰাৰ মোৰ দুর্বাৰ হেঁপাহ আছিল৷ এই প্রতিষ্ঠানত কাম কৰাৰ বাবে মই বহু সাধনা কৰিব লগা হৈছিল৷ এই সাধনা এটা সময়ত সফল হৈছিল৷ আজি বহু বছৰৰ মূৰত এই প্রতিষ্ঠানলৈ আহি মোৰ পুৰণি স্মৃতিবোৰ মনত পৰিছে৷’ চৰকাৰী চাকৰি জীৱনৰ কথা সোঁৱৰণ কৰি যশস্বী সাংবাদিক বৰগোহাঞিয়ে কয় যে চাকৰিত যোগ দিয়াৰ দিনাৰ পৰা চাকৰি ত্যাগ কৰাৰ চিন্তা আহিছিল৷ তেওঁ কয়– ‘চাকৰিৰ জীৱনটো মোৰ বাবে মানসিক অশান্তিৰ সময় আছিল৷ কিন্তু চাকৰি নকৰিলে হয়তো মোৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ উপন্যাসখন লিখা নহ’লহেঁতেন৷ কাৰণ চাকৰি নকৰিলে উপন্যাসখন লিখাৰ সমল নাপালোঁহেঁতেন৷’ বঁটা প্রদানৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি যশস্বী সাংবাদিকগৰাকীয়ে কয় যে বঁটাটো গ্রহণ কৰি তেওঁ সুখ অনুভৱ কৰিছে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি দৈনিক অসমৰ সম্পাদক ড০ অমৰজ্যোতি চৌধুৰীয়ে কয় যে এই বঁটাই নতুন প্রজন্মৰ সাংবাদিকসকলক অনুপ্রেৰণা যোগাই আহিছে৷ তেওঁ কয় যে তথ্যৰ ওপৰত ভিত্তি কৰি কৰা সাংবাদিকতাই হৈছে সাংবাদিকতাৰ মূল কথা৷ তেওঁ যশস্বী সাংবাদিক হোমেন বৰগোহাঞিৰ প্রতিভা আৰু অৰিহণাৰ কথা আলোচনা কৰি কয় যে বৰগোহাঞিৰ লিখনি আৰু সাহিত্যই নতুন প্রজন্মক উদ্বুদ্ধ কৰাৰ লগতে জাতিটোক বাট দেখুৱাই আহিছে৷

ভাষণ প্রসংগত ড০ অমৰজ্যোতি চৌধুৰীয়ে বিশ্ববিশ্রুত সাহিত্যিক গেব্রিয়েল গার্চিয়া মার্কেজৰ কথা আলোচনা কৰি কয় যে মার্কেজৰ সাহিত্যিক আৰু সাংবাদিকতা জীৱন ওতপ্রোতভাৱে সম্পর্কিত হৈ থকাৰ দৰে হোমেন বৰগোহাঞিৰো সাহিত্যিক আৰু সাংবাদিকতা জীৱন ওতপ্রোতভাৱে সম্পর্কিত হৈ আছে৷ ভাষণৰ শেষত তেওঁ বঁটাপ্রাপক আটাইকেইগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ অনুষ্ঠানত সভাপতিত্ব কৰা অসম বাণীৰ সম্পাদক দিলীপ চন্দনে কয় যে সাংবাদিকসকলে বঁটাৰ বাবে কাম নকৰে৷ কিন্তু কামৰ স্বীকৃতি হিচাপে বঁটা পালে সাংবাদিকসকলে ভাল পায়, সুখ অনুভৱ কৰে৷ দিলীপ চন্দনে বঁটাপ্রাপক হোমেন বৰগোহাঞিক শুভেচ্ছা জনাই কয় যে অসম বাণীত সম্পাদক থকাৰ সময়ত তেওঁ অসম বাণীক বিশেষ নেতৃত্ব দিছিল৷ অনুষ্ঠানত আদৰণী ভাষণ দি স্মাৰক বঁটা সমিতিৰ হৈ আহ্বায়ক প্রশান্তজ্যোতি বৰুৱাই কয় যে এই বঁটাৰ জৰিয়তে অনুসন্ধানমূলক আৰু ফিল্ড ৰিপ’র্টিং সাংবাদিকতা কৰা সাংবাদিকসকলক উৎসাহিত কৰি অহা হৈছে৷ তেওঁ কয় যে সাধাৰণ আৰু দৰিদ্র শ্রেণীৰ জীৱনলৈ অহা উন্নতি, বিকাশৰ প্রতিচ্ছবি দাঙি ধৰি প্রতিবেদন প্রস্তুত কৰাৰ বাবে অৰূপ শাণ্ডিল্যলৈ প্রতিভা বৰুৱা স্মাৰক বঁটা আগবঢ়োৱা হৈছে৷ আনহাতে, ৰাণু বৰুৱালৈ পৰিৱেশ, পর্যটন, বন্যপ্রাণী সংৰক্ষণমূলক সাংবাদিকতাৰ বাবে আৰ এন বৰুৱা স্মাৰক বঁটা আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে সাংবাদিক অৰূপ শাণ্ডিল্যই তেওঁৰ বঁটাৰ বাবে নির্বাচিত প্রতিবেদনকেইখনত ৰাজ্যৰ বিভিন্ন জিলাৰ গ্রামাঞ্চলৰ সাধাৰণ শ্রেণীৰ লোকৰ জীৱনলৈ অহা উন্নতিৰ প্রতিচ্ছবি দাঙি ধৰিছে৷ মাছৰ পৰা জৈৱিক কৃষিলৈকে বিভিন্ন বিষয়ৰ বাতৰিৰ জৰিয়তে শাণ্ডিল্যই সাধাৰণ শ্রেণীৰ জীৱনলৈ অহা পৰিৱর্তনৰ কথা পোহৰলৈ আনিছে৷ আনহাতে, মুক্ত সাংবাদিক ৰাণু বৰুৱাই ডিগবৈ শোধনাগাৰে নির্মাণ কৰা এটা অইল টার্মিনেলে হস্তীদণ্ডি বাধাগ্রস্ত কৰাৰ ফলত সৃষ্টি হোৱা হাতী–মানুহৰ সংঘাতৰ বিষয়ে বর্ণনা কৰিছে৷

You might also like