নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: বিয়াৰ প্রস্তাৱ পাব পাৰে৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷ আজি টকা আনক ধাৰলৈ নিদিব৷ চাকৰিয়ালৰ শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ২৷
বৃষ: পুৰণা মোকর্দমাত জয়ী হোৱাৰ আশা আছে৷ অনাকাংক্ষিত সমস্যাত পৰিব পাৰে৷ শৰীৰ সুস্থ থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
মিথুন: ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব৷ শিক্ষার্থীৰ শুভ৷ হাতলৈ টকা–পইচা আহিব৷ পৰি আঘাত পাব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷
কর্কট: বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব৷ শুভ কাম আৰম্ভ কৰিব পাৰে৷ ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব৷ টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৭৷
সিংহ: আনক সহায় কৰি সন্মান পাব৷ চোৰ–ডকাইতৰ পৰা সাৱধান হ’ব৷ ঘৰৰ মূল্যৱান সম্পত্তি হেৰাব পাৰে৷ অর্থৰ নাটনি হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷
কন্যা: ব্যৱসায়ীৰ উন্নতিৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷ খৰচ বাঢ়িব৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷
তুলা: দুর্ঘটনা ঘটিব পাৰে৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ বিদ্যাত উন্নতি হ’ব৷ চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ২৷
বৃশ্চিক: অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ আনক সহায় কৰি সন্মানিত হ’ব৷ চাকৰি স্থায়ী হ’ব৷ কর্মত নিযুক্তি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
ধনু: শুভ কাম আজি নকৰাই ভাল হ’ব৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব৷ শিক্ষার্থীৰ শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
মকৰ: স্বাস্থ্যৰ প্রতি অধিক যত্ন লওক৷ অর্থ হানিৰ যোগ দেখা যায়৷ পৰিয়ালত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব৷ লাভ বৃদ্ধি হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷
কুম্ভ: শুভ কাম কৰাৰ সিদ্ধান্ত ল’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিৰ বাবে চেষ্টা কৰক, ফল পাব৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ১৷
মীন: আত্মীয়ৰ কাৰণে সমস্যাত পৰিব৷ সাংসাৰিক অশান্তি বাঢ়িব৷ হাতলৈ টকা আহিব, কিন্তু খৰচ বৃদ্ধি পাব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

You might also like