নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে ৰাজ্যত আক্রান্ত ৩,৬৭৮

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ সোমবাৰে ৰাজ্যখনত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩,৬৭৮জন৷ ইয়াৰে সর্বাধিক ২৮১জন আক্রান্ত কাছাৰৰ৷ তদুপৰি তিনিচুকীয়াত ২৬৮জন, ডিব্রুগড়ত ২৬৬জন আৰু শোণিতপুৰত ২৫৯জন আক্রান্ত হৈছে৷ অর্থাৎ বিগত সময়ছোৱাত অধিকাংশ সময় আক্রান্তৰ সংখ্যাৰে শীর্ষত থকা গুৱাহাটীক অতিক্রম কৰিলে উক্ত জিলাকেইখনে৷ সোমবাৰে কামৰূপ মহানগৰ জিলাত আক্রান্ত হৈছে ২৩২জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,৪৬,০৪৬ নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.৫২ শতাংশ৷ কালিৰ তুলনাত পুনৰ সোমবাৰে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা৷

ইপিনে, সোমবাৰে ক’ভিডত মৃত্যু হৈছে ৪৩জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত গোলাঘাট আৰু তিনিচুকীয়াত সর্বাধিক ৫জনকৈ লোকৰ মৃত্যু ঘটিছে৷ তদুপৰি ডিব্রুগড়ৰ ৪জন, বৰপেটা–কাছাৰ–কামৰূপ মহানগৰ–কার্বি আংলঙৰ তিনিজনকৈ, বাক্সা–চিৰাং–দৰং– দুজনকৈ, বিশ্বনাথ–বঙাইগাঁও– এজনকৈ লোকৰ মৃত্যু ঘটিছে৷

সোমবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৪,২৯৯জন লোক৷ সম্প্রতি চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ৩৯,৩৬২৷ ইফালে, ক’ভিডসৃষ্ট পৰিৱেশৰ প্রতি সোমবাৰে বিশেষ নির্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা বিভাগে৷ সেই অনুসৰি বিদ্যালয়সমূহৰ গৰম বন্ধ সোমবাৰে অন্ত পৰিছে যদিও পৰৱর্তী নির্দেশনা নিদিয়া পর্যন্ত খুলিব নোৱাৰিব বিদ্যালয়সমূহ৷ বৰঞ্চ বিদ্যালয় কর্তৃপক্ষই তৎকালে আৰম্ভ কৰিব লাগিব অনলাইন পাঠ্যক্রম৷ যাতে শিক্ষার্থীসকলৰ পাঠদানৰ ক্ষেত্রত ব্যাঘাত নঘটে৷

You might also like