নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাত পতিতক কনভয়ত উঠাই চিকিৎসালয়লৈ নিলে মন্ত্ৰী অতুল বৰাই

নিয়মীয়া বার্তা, ১৫ ছেপ্টেম্বৰ : ভূপেনদাই গাই যোৱা সেই চিৰসেউজ গীতটি “মানুহে মানুহৰ বাবে” এতিয়াও সকলোৰে ৰক্তই ৰক্তই প্ৰবাহিত হৈ আছে ইয়াকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী মন্ত্ৰীয়ে। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পথৰ কাষত পৰি থকা এজন ব্যক্তিক এম্বুলেঞ্চ অহালৈ অপেক্ষা নকৰি নিজৰ কনভয়ত উঠাই চিকিৎসালয় লৈ নিলে মন্ত্ৰী অতুল বৰাই। আজি বিয়লি বোকাখাতৰ বিহৰাত AS05 J 0373 নম্বৰৰ এখন মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ এজন যুৱক গুৰুতৰভাৱে আহত হয়। সেই সময়ত পথৰ কাষত মৃত্যু যন্ত্ৰণাত চটফটাই থকা যুৱকজনৰ কাষেদি পাৰ হবলৈ ধৰিছিল মন্ত্ৰীগৰাকীৰ কনভয়। লগে লগেই কনভয় ৰখাই গাড়ীৰ পৰা নামি আহে মন্ত্ৰী অতুল বৰা। অকণো পলম নকৰি মন্ত্ৰীগৰাকীয়ে নিজৰ কনভয়ত উঠাই আহত যুৱকজনক বোকাখাতৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে আহত ব্যক্তিজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। মন্ত্রীগৰাকীৰ এনে মহানুভৱতাক সকলোৱে প্ৰসংশা কৰিছে।
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like