হাইলাকান্দিত হাস্পতাল পানীৰ তলত, OPD-OTতো পানী
হাইলাকান্দিত হাস্পতাল পানীৰ তলত, OPD-OTতে পানী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : ধাৰাসাৰ বৰষুণে হাইলাকান্দিত বানৰ সৃষ্টি কৰিছে। কৃত্ৰিম বানত বুৰ গৈছে হাইলাকান্দিৰ SK ৰায় চিভিল হাস্পতাল। এই হাস্পতালৰ ভিতৰত থকা অপিডি, অপাৰেচন থিয়েটাৰ, ড্ৰচিং ৰুম বৰ্তমান পানীৰ তলত।
হাস্পতালত ভিতৰত থকা আৰক্ষী ছাউনীও পানীত বুৰ গৈছে। হাইলাকান্দি পৌৰসভা আৰু হাস্পতাল কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বৰ্তমান ১০০খন বিছনাৰ এই হাস্পতাল সম্পূৰ্ণ ৰূপে পানীৰ তলত।
এই অৱস্থাত এই হাস্পাতালৰ OPD অন্য স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে। এতিয়া প্ৰশ্ন উঠিছে– ৰোগীয়ে কেনেকৈ লাভ কৰিব স্বাস্থ্য সেৱা?
হাস্পতালৰ এখন দেৱাল ভঙাৰ ফলত বেছি পৰিমাণে পানী সোমাই আহিছে হাস্পতালৰ ভিতৰত।
আপাতকালীন পৰিস্থিতি মোকাবিলাত হাইলাকান্দি পৌৰসভা বা হাস্পতাল কৰ্তৃপক্ষৰ কোনো আগতীয়াকৈ প্ৰস্তুতি বা পৰিকল্পনা নাথাকাত চৰম বিশৃঙ্খল অৱস্থা সৃষ্টি হৈছে হাইলাকান্দিৰ SK ৰায় চিভিল হাস্পতালত।