নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল গেটৱে’ত এআইচিচিৰ চাৰি সম্পাদকৰ উপস্থিতিত ৪ ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ উত্তপ্ত বৈঠক

নির্বাচনৰ প্রাক্মুহূর্তত কন্দলত জর্জৰিত প্রদেশ কংগ্রেছ

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে অন্তঃকন্দলত জর্জৰিত হৈ পৰিছে প্রদেশ কংগ্রেছ৷ নেতৃত্বৰ বিৰুদ্ধে মুকলি বিদ্রোহ তথা একাংশ জ্যেষ্ঠ নেতাৰ দলত্যাগৰ ফলত প্রধান বিৰোধী দলটো নির্বাচনৰ প্রাক্মুহূর্তত শক্তিশালী হোৱাৰ বিপৰীতে ক্রমাৎ নিশকটীয়া হৈ পৰিছে৷ তিনিটা কার্যকাল ক্রমাগতভাৱে শাসনত থকা দলটোৰ এনে দুর্দশাক লৈ চিন্তিত নিখিল ভাৰত কংগ্রেছ কমিটীয়ে (এ আই চি চি) অৱশেষত অসমৰ কংগ্রেছক উদ্ধাৰৰ বাবে আৰম্ভ কৰিছে প্রচেষ্টা৷ ইয়াৰ অংশস্বৰূপে দলক সংকট মোচন কৰিবলৈ আজি অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ এ আই চি চিৰ চাৰি সম্পাদক বিকাশ উপাধ্যায়, অনিৰুদ্ধ সিং, পৃথ্বিৰাজ প্রভাকৰ আৰু আদিত্য শর্মাৰ উপস্থিতিত মহানগৰীৰ গেটৱে’ হোটেলত অনুষ্ঠিত এই বৈঠকত সকলো বিধায়ক, সাংসদ, জ্যেষ্ঠ নেতাৰ উপস্থিতিত দলৰ আভ্যন্তৰীণ কন্দল প্রশমন কৰাৰ বাবে গ্রহণ কৰে এলানি সিদ্ধান্ত৷ প্রদেশ কংগ্রেছৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি নেতৃত্বৰ বিৰুদ্ধে উত্থাপিত হৈ থকা অভিযোগ তথা বিদ্রোহ আঁতৰোৱাৰ বিষয়টোক লৈ আজি অনুষ্ঠিত বৈঠকত বিশেষভাৱে চর্চা হয়৷ প্রায় চাৰি ঘণ্টাজোৰা এই বৈঠকত এ আই চি চিৰ চাৰি সম্পাদকে প্রতিগৰাকী বিধায়ক আৰু সাংসদৰ পৰা পৃথকে পৃথকে মতামত গ্রহণ কৰে৷ লক্ষণীয়ভাৱে এই বৈঠকতে কেন্দ্রীয় নেতৃত্বৰ ওচৰত এ আই ইউ ডি এফৰে মিত্রতাৰ প্রসংগক লৈ সৰৱ হৈ পৰে উজনিৰ কেইবাজনো বিধায়ক৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই আগন্তুক নির্বাচনত কোনোধৰণৰ সহায় নকৰে বুলি আঙুলিয়াই দি বিধায়ক ৰূপজ্যোতি কুর্মী, দুর্গা ভূমিজ, ৰ’জলীনা তির্কী আদি কেইবাজনো বিধায়কে এনে মিত্রতাৰ পৰিৱর্তে এককভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ পোষকতা কৰে৷ আনকি বৰাকৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থয়ো এই মিত্রতাৰ মুকলি বিৰোধিতা কৰে কেন্দ্রীয় নেতৃত্বৰ ওচৰত৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফৰে মিত্রতাৰ সমর্থনত কেন্দ্রীয় নেতৃত্বৰ ওচৰত সবল দাবী উত্থাপন কৰিলে ৱাজেদ আলী চৌধুৰীৰ উপৰি নামনি অসমৰ কেইবাজনো বিধায়কে৷ দলৰ জনপ্রতিনিধিৰ মাজৰ এই মতানৈক্যৰ পৰিপ্রেক্ষিতত এ আই চি চিৰ চাৰি সম্পাদকে মিত্রতাৰ বিষয়টো দলৰ হাইকমাণ্ডৰে থিৰাং কৰিব বুলি স্পষ্ট কৰে৷ বৈঠকত নির্বাচনক লৈ বিজেপিয়ে আৰম্ভ কৰা মিছন ১০+ক প্রত্যাহ্বান জনাবলৈ প্রদেশ কংগ্রেছে কি ৰণকৌশল গ্রহণ কৰিছে, তাক লৈও আজি এ আই চি চিৰ চাৰি সম্পাদকে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে বিৰোধী দলপতি দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন আৰু কেইবাজনো জ্যেষ্ঠ কংগ্রেছী নেতাৰ পৰা মতামত গ্রহণ কৰে৷

দলীয় সূত্রটোৱে জানিবলৈ দিয়া মতে, কেন্দ্রীয় নেতাকেইগৰাকীক পতিয়ন নিয়াব পৰাকৈ প্রদেশ কংগ্রেছৰ কোনো নেতাই এই দিশত সঠিক বক্তব্য আগবঢ়োৱাত ব্যর্থ হোৱাত এ আই চি চিৰ সম্পাদক বিকাশ উপাধ্যায়ে অহা ৩০ দিনৰ ভিতৰত বিজেপিৰ বিৰুদ্ধে এলানি ইছ্যু হাতত লোৱাৰ বাবে নির্দেশ দিয়ে৷ সমান্তৰালভাৱে আজিৰ বৈঠকত তৃণমূল পর্যায়ৰ কংগ্রেছ কর্মীসকলৰ সৈতে সম্পর্ক দৃঢ় কৰাৰ লগতে নির্বাচনৰ বাবে প্রতিগৰাকী কর্মী–নেতাক দায়িত্ব অর্পণৰ বাবেও চাৰি সম্পাদকে পৰামর্শ দিয়ে৷ ইফালে বৈঠকৰ অন্তত অনুষ্ঠিত এখন সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই চি চিৰ সম্পাদক বিকাশ উপাধ্যায়ে উল্লেখ কৰে যে আগন্তুক নির্বাচনত দলৰ ৰণনীতি কি হ’ব, সেই বিষয়ে আজি এক বিস্তৃত আলোচনা অনুষ্ঠিত হয়৷ তদুপৰি এ আই ইউ ডি এফৰ সৈতে মিত্রতা সন্দর্ভতো আজি আলোচনা হয় বুলি জানিবলৈ দিয়ে দুয়োগৰাকী নেতাই৷ আনহাতে, একাধিক নেতাই দলত্যাগ কৰা প্রসংগত সম্পাদক বিকাশ উপাধ্যায়ে কয়– বিজেপিয়ে দেশৰ প্রতিখন ৰাজ্যত নির্বাচনৰ পূর্বে এক ভুৱা প্রচাৰ চলায়৷ এই প্রচাৰৰ জৰিয়তে দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই দলত্যাগ কৰাৰ বাতৰি প্রচাৰ কৰে৷ সেই একেই নীতি অসমতো গ্রহণ কৰিছে বিজেপি৷ কিন্তু কংগ্রেছত সকলো ঐক্যবদ্ধ হৈ আছে৷ আজিৰ বৈঠকতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সভাপতি ৰিপুণ বৰাই এই কথা উল্লেখ কৰাৰ লগতে জানিবলৈ দিয়ে যে জানুৱাৰী মাহৰ প্রথম সপ্তাহৰ পৰা ক্রমাগতভাৱে ১৫ দিনলৈ প্রতিটো সমষ্টিতে বুথ সন্মিলন অনুষ্ঠিত হ’ব আৰু এই সন্মিলনত দলৰ প্রতিজন নেতা–কর্মী নিজ নিজ সমষ্টিত উপস্থিত থাকিব৷ লক্ষণীয়ভাৱে আজিৰ গুৰুত্বপূর্ণ বৈঠকখনত উপস্থিত নাথাকিল প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেত্রী অজন্তা নেওগ৷ গোলাঘাট সমষ্টিৰ বিধায়িকাগৰাকীৰ অনুপস্থিতি সন্দর্ভত ৰিপুণ বৰাই কয় যে ক’ভিডৰ পৰা মুক্ত হোৱাৰ পাছত কিছু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ আজিৰ বৈঠকত উপস্থিত থাকিব পৰা নাই৷ সভাপতি বৰাই ইয়াকো উল্লেখ কৰে যে বিজেপিয়ে অজন্তা নেওগকে ধৰি কংগ্রেছৰ বহু নেতাক ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে৷ কিন্তু ইয়াৰ পাছতো কংগ্রেছৰ নেতাসকল ঐক্যবদ্ধ হৈ আছে৷

মন কৰিবলগীয়া যে সংকট মোচনৰ লক্ষ্যৰে আজি অনুষ্ঠিত এই বৈঠকখন নেতৃত্বৰ দুর্বলতাক লৈ যথেষ্ট উত্তপ্ত হৈ পৰে৷ কেইবাজনো বিধায়কে ৰিপুণ বৰাৰ কার্যকলাপক লৈ সৰৱ হোৱাৰ লগতে নেতৃত্ব সলনিৰো দাবী তোলে৷ বর্তমানৰ নেতৃত্বৰ বাবেই দলৰ একাংশ নেতাই দলত্যাগ কৰা বুলিও অভিযোগ উত্থাপন হয়৷ গেটৱে’ হোটেলৰ তৃতীয় মহলাত অনুষ্ঠিত বৈঠকখনত একাংশ বিধায়কে যথেষ্ট উত্তেজিতভাৱে কৰা মন্তব্য হোটেলখনৰ ৰিচেপচন কাউণ্টাৰলৈ শুনা গৈছিল৷ এই বিষয়টো পাছত সাংবাদিকে উত্থাপন কৰাত এ আই চি চিৰ সম্পাদক বিকাশ উপাধ্যায়ে কয় যে আগন্তুক নির্বাচনত কি পৰিকল্পনাৰে দল জয়যুক্ত হ’ব, তাৰ বাবে হোৱা আলোচনাত উৎসাহিত হৈহে একাংশ বিধায়কে উচ্চস্বৰে কিছু বক্তব্য প্রদান কৰিছিল, যিবোৰ তলৰ মহলতো শুনিবলৈ পোৱা গৈছিল৷ কেন্দ্রীয় নেতৃত্বৰ এনে দাবীৰ বিপৰীতে কিন্তু বৈঠকৰ পৰা ওলাই অহা একাংশ বিধায়কক যথেষ্ট অসন্তুষ্ট ৰূপতহে দেখা পোৱা গ’ল৷ উল্লেখ্য যে আজিৰ বৈঠকত বিধায়ক শুকুৰ আলী আৰু জামালুদ্দিন আহমেদো অনুপস্থিত থাকে৷ তদুপৰি গুৰুত্বপূর্ণ বৈঠকখন ৰহস্যজনক কাৰণত এৰাই চলে দলৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷
অজন্তা নেওগ সমাজ কল্যাণৰ কেলেংকাৰিত জড়িতঃ ৰিপুণ বৰাৰ মন্তব্যক কটাক্ষ বিধায়ক শ্বেৰমান আলীৰ
কংগ্রেছ এৰি বিজেপিত যোগদানৰ বাবে প্রস্তুতি চলোৱা প্রাক্তন কংগ্রেছী মন্ত্রী তথা বিধায়িকা অজন্তা নেওগৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হোৱা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক আজি উভতি ধৰিলে দলৰে বিধায়ক শ্বেৰমান আলীয়ে৷ বাঘবৰৰ বিধায়কজনৰ মতে, মগজু কম থকা কাৰণে, মিডিয়াক ফেচ কৰিব নোৱাৰা বাবেই প্রাক্তন কংগ্রেছী মন্ত্রীগৰাকীৰ বিৰুদ্ধে আবোল–তাবোল বকিছে৷ প্রত্যক্ষভাৱে ৰিপুণ বৰাৰ নাম নোলোৱাকৈ শ্বেৰমান আলীয়ে কৰা এনে মন্তব্যই কংগ্রেছৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷ উল্লেখ্য যে কালি বিজেপিলৈ যাব ওলোৱা অজন্তা নেওগৰ বিৰুদ্ধে সৰৱ হৈ ৰিপুণ বৰাই কৈছিল যে সমাজ কল্যাণ কেলেংকাৰিত জড়িত হৈ পৰা অজন্তা নেওগক চি আই ডিয়ে সোধা–পোছা কৰিছিল৷ সেই কেলেংকাৰিৰ হেঁচাৰে অজন্তা নেওগক বিজেপিয়ে দললৈ নিবলৈ চেষ্টা চলাইছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত দক্ষ মন্ত্রী ৰূপে কার্যনির্বাহ কৰা অজন্তা নেওগে কংগ্রেছ এৰাৰ পূর্বেই কেলেংকাৰিত জড়িত বুলি ৰিপুণ বৰাই কৰা মন্তব্যক আজি কটাক্ষ কৰি দলটোৰে বিধায়ক শ্বেৰমান আলীয়ে কয়– কোনোবাই ব্যক্তিবিশেষে আখেজ পূৰাবলৈ অথবা মগজু কম থকাৰ বাবেই, মিডিয়াক ফেচ কৰিব নোৱাৰা বাবে আবোল–তাবোল বকিব পাৰে৷ মই নাভাবোঁ যে অজন্তা নেওগ কেলেংকাৰিত জড়িত আৰু তেওঁক ব্লেকমেইল কৰি বিজেপিয়ে দললৈ নিব পাৰিব৷ প্রতিজন নেতাৰে ৰাজনৈতিক স্বাধীনতা আছে দল সলনি কৰাৰ৷ অজন্তা নেওগক এটা সময়ত বিধায়িনী দলৰ নেতা কৰিবলৈ আমি প্রচেষ্টা চলাইছিলোঁ৷ তেওঁ দক্ষ মন্ত্রী ৰূপে পৰিচিত আছিল৷ তেনে এগৰাকী নেতাক ব্লেকমেইল কৰিব পাৰিব বুলি মই নাভাবোঁ৷ ৰিপুণ বৰাই কালি কৰা মন্তব্যক উভতি ধৰি আজি বিধায়ক শ্বেৰমান আলীয়ে উল্লেখ কৰা এই মন্তব্যক লৈ কংগ্রেছৰ ভিতৰচ’ৰাতো সৃষ্টি হৈছে একাধিক চর্চা৷

You might also like