নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলী সাৰ্বজনীন শিৱ মন্দিৰত মহা শিৱৰাত্ৰিৰ আয়োজন 

নিয়মীয়া বাৰ্তা, হাউলী, ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ হাউলী সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ছয়দিনীয়া বিভিন্ন কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি উদযাপনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি, ২৬ ফেব্ৰুৱাৰী পুৱা ৯ বজাত শিৱৰ ভক্তসকলৰ দ্বাৰা মন্দিৰ চৌহদ চাফাই কৰা হ’ব। সন্ধিয়া ৫ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব বৰপেটা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছত ৫ বজাত আতজবাজী প্ৰদৰ্শন কৰা হ’ব। সন্ধিয়া ৭ বজাত পূজা আৰম্ভ। নিশা ১০ বজাত হাউলী গাঁৱৰ ভক্তসকলৰ দ্বাৰা সংকীৰ্তন প্ৰদৰ্শন। দ্বিতীয় দিনা ২৭ ফেব্ৰুৱাৰী পুৱা ৯ বজাত চৌহদ চাফাই কৰা হ’ব। পুৱা ৯.৩০ বজাত হাউলীৰ সু-গায়ক ৰূপম ডেকাৰ দ্বাৰা ভাগৱত পাঠ পৰিৱেশন কৰাৰ পাছত প্ৰসাদ বিতৰণ কৰা হ’ব। সন্ধিয়া পাঁচ বজাত নলবাৰীৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ওজাপালি প্ৰদৰ্শন। তৃতীয় দিনা পুৱা মন্দিৰ চৌহদ চাফাই কৰি পুৱা ৯ বজাত পৰা ভড়াল সত্ৰৰ পাঠক প্ৰীতম নাথৰ দ্বাৰা ভাগৱত পাঠ কৰা হ’ব। সন্ধিয়া ৫ বজাত ইন্দ্ৰ মোহন নাথ সোঁৱৰণী আঞ্চলিক ভিত্তিত প্ৰাইজমানী আধুনিক নৃত্য প্ৰতিযোগিতা। নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে। ১ মাৰ্চ, শনিবাৰ পুৱা মন্দিৰ চৌহদ চাফাই কৰাৰ পাছত ৯.৩০ বজাত প্ৰভাত নাথৰ দ্বাৰা ভাগৱত পাঠ কৰি প্ৰসাদ বিতৰণ কৰা হ’ব। সন্ধিয়া ছয় বজাত হাউলী মণিকাঞ্চন বীৰনাম দলৰ দ্বাৰা বীৰনাম পৰিৱেশন কৰা হ’ব। ২ মাৰ্চত প্ৰতিষ্ঠা দিন উদযাপন উপলক্ষে মন্দিৰ চৌহদ চাফাই কৰাৰ পাছত পুৱা ৯.৩০ বজাত বিভিন্ন মহিলা নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰি দুপৰীয়া সিদ্ধ প্ৰসাদ বিতৰণ কৰা হ’ব আৰু সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰা হ’ব । ৩ মাৰ্চত শেষৰ দিনাখন সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক সন্ধিয়া উদ্বোধক হিচাপে উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ দাস। সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব অসমৰ জনপ্ৰিয় শিল্পী তথা জি টিভি জি বাংলা আৰু সা ৰে গা মা পা খ্যাত যুগল কিশোৰৰ লগতে থাকিব ৰূপম কাকতি আৰু হাউলীৰ জীয়ৰী নম্ৰতা পৰাশৰ। সমিতিৰ সভাপতি দিলীপ নাথ আৰু সম্পাদক ভাৰ্গৱ নাথে ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
You might also like