নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীর্ণ ছাত্রীয়েও পাব স্কুটী

১৫,১৬০ কৃতী ছাত্রীক স্কুটী প্রদান কৰি শিক্ষামন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা ১৫,১৬০গৰাকী মেধাৱী ছাত্রীলৈ বুধবাৰে দ্বিতীয় পর্যায়ত ড০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে একোখনকৈ স্কুটী প্রদান কৰা হয়৷ গুৱাহাটীৰ জি এম চি এইচ প্রেক্ষাগৃহত আজি আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই স্কুটী প্রদানৰ শুভাৰম্ভ কৰে৷ ২০১৮ বর্ষৰ ৫,০২৮গৰাকী আৰু ২০১৯ বর্ষৰ ১০,১৩২গৰাকী ছাত্রীলৈ আজি স্কুটী প্রদান কৰা হয়৷ উল্লেখ্য যে ইয়াৰ পূর্বে প্রথম পর্যায়ত ২২,২৪৫গৰাকী মেধাৱী ছাত্রীক স্কুটী প্রদান কৰা হৈছিল৷ ইয়াৰ লগে লগে বর্তমানৰ ৰাজ্য চৰকাৰৰ দিনত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ মুঠ ৩৭,০৪৫গৰাকী ছাত্রীক স্কুটী প্রদান কৰা হয়৷ আজিৰ এই অনুষ্ঠানতে মন্ত্রী ড০ শর্মাই এই বছৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ সকলো ছাত্রীকে স্কুটী প্রদান কৰা হ’ব বুলি ঘোষণা কৰে৷ সেইদৰে ছাত্রসকলকো বুলেট অথবা স্প্লেণ্ডাৰ বাইক দিয়া হ’ব বুলি আজি অনুষ্ঠানত তেওঁ ঘোষণা কৰে৷ অৱশ্যে প্রথমতে ছাত্রীসকলকহে স্কুটী দিয়া হ’ব৷ ছাত্রীৰ পাছতহে ছাত্রসকলে লাভ কৰিব৷ ছাত্রীসকলক স্কুটী প্রদানৰ মূল উদ্দেশ্যৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে কোনো ছোৱালীয়ে যাতে তালাক, বহুবিবাহ আদিৰ বলি হ’ব লগা নহয়, তাৰ বাবেই বর্তমানৰ চৰকাৰখনে নাৰী সবলীকৰণৰ লগতে আত্মবিশ্বাসী অসম, বিকশিত অসমৰ যাত্রা আৰম্ভ কৰিছে৷ নাৰী সবলীকৰণৰ বাবেই বর্তমানৰ চৰকাৰে বিধৱা পেন্সন, অৰুণোদয় আদিৰ দৰেই বহু আঁচনি গ্রহণ কৰিছে৷ বৰপেটা, নগাঁও, মৰিগাঁও, ধুবুৰী আদি জিলাৰ চৰ অঞ্চলত ১৮ বছৰৰ তলৰ বয়সৰ ছোৱালীয়ে দুটা সন্তানৰ মাতৃ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে স্বাস্থ্যমন্ত্রী হিচাপে বৰপেটা মেডিকেল কলেজ হাস্পতালত সেই বয়সৰ ছোৱালীয়ে সন্তান জন্ম দিবৰ বাবে ভিৰ কৰা তেওঁ নিজেই দেখিছে৷ সেইসকল ছোৱালীয়ে ২৪–২৫ বছৰ বয়সত ৬–৭টা সন্তানৰ মাতৃ হয়৷ ২৮–২৯ বছৰ বয়সত তেওঁলোক দ্বিতীয় পত্নী–তৃতীয় পত্নীৰ মর্যাদা পায়৷ ছোৱালীৰ ওপৰত চলা নিষ্পেষণ আৰু শোষণ বন্ধ কৰাৰ পোষকতা কৰি তেওঁ কয় যে তালাক সম্পূর্ণৰূপে বাদ পৰিব লাগিব৷ কোনোবাই বিবাহ বিচ্ছেদ ঘটাব বিচাৰিলে সেয়া সম্পূর্ণৰূপে আইনগত পদ্ধতিৰে কৰিব লাগিব৷ কোনো ছোৱালী যাতে তালাক, বহুবিবাহৰ বলি হ’বলগীয়া নহয়, সেয়া আমি নিশ্চিত কৰিব লাগিব৷ হিন্দু–মুছলমান–খ্রী সকলো ছোৱালী নিষ্পেষণ–শোষণৰ পৰা মুক্ত হ’ব লাগিব৷ হিন্দু সমাজতো এসময়ত বহুবিবাহ প্রথা আছিল৷ সেয়া আজি সংস্কাৰ হৈছে৷

বুধবাৰে এই অনুষ্ঠানতে মন্ত্রী ড০ শর্মাই ২০১৮ আৰু ২০১৯ বর্ষত সুখ্যাতিৰে উত্তীর্ণ ছাত্রীসকলক সেই সময়ত তেতিয়াৰ শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই স্কুটী নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰা বাবেই দিয়া হোৱা নাছিল৷ ভট্টাচার্যই স্কুটীৰ পৰিৱর্তে চাইকেল দিয়াৰ কথা কৈছিল৷ কিন্তু পৰৱর্তী পর্যায়ত তেওঁ পুনৰ শিক্ষামন্ত্রীৰ দায়িত্ব লাভ কৰাত সেইসকল ছাত্রীকো স্কুটী দিয়াৰ ব্যৱস্থা কৰে৷ তেওঁ আৰু কয় যে আজি দ্বিতীয় পর্যায়ৰ স্কুটী বিতৰণৰ শুভাৰম্ভ কৰা হৈছে৷ এটা সপ্তাহ পাছতেই বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি হ’ব যদিও জিলা ভিত্তিত যি স্কুটী প্রদানৰ দিন–তাৰিখ প্রকাশ কৰা হৈছে, সেই মতে তালিকাত নাম থকা প্রতিগৰাকী ছাত্রীয়ে স্কুটী লাভ কৰিব৷

উল্লেখ্য যে এই স্কুটী প্রদান অনুষ্ঠানৰ সময়ত জি এম চি এইচ প্রেক্ষাগৃহৰ বাহিৰত একাংশ বঞ্চিত ছাত্রীয়ে হাতত ‘আমাক ন্যায় লাগে’ শীর্ষক ফেষ্টুন লৈ প্রতিবাদ সাব্যস্ত কৰে৷ সেইসকল ছাত্রীৰ অভিযোগ– মেধাৰ ভিত্তিত তালিকা প্রস্তুত কৰা হোৱা নাই৷ তেওঁলোকতকৈ কম নম্বৰ পোৱা বহু ছাত্রীৰ নাম স্কুটী পাবলগীয়া তালিকাত সন্নিৱিষ্ট হৈছে যদিও তেওঁলোকে অধিক নম্বৰ লাভ কৰিও বঞ্চিত হৈছে৷ এই সম্পর্কত ভাষণত মন্ত্রী ড০ শর্মাই কয় যে মেধাৰ তালিকা বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ পৰা আনুপাতিক হিচাপত যুগুতোৱা হৈছে৷ অকল মেধাৰ ভিত্তিত কৰিলে সকলো স্কুটী বিজ্ঞান শাখাৰ ছাত্রীয়ে লাভ কৰিলেহেঁতেন৷ কাৰণ বিজ্ঞান শাখাত অধিক নম্বৰ লাভ কৰে৷ সেয়ে কলা–বিজ্ঞান–বাণিজ্য শাখাৰ পৰা আনুপাতিক হাৰত স্কুটী লাভ কৰিবলগীয়া ছাত্রীৰ তালিকা প্রস্তুত কৰা হৈছে৷ ইফালে ছাত্রীসকলক প্রদান কৰা স্কুটী ৰাজনৈতিক দলৰ শোভাযাত্রাত ব্যৱহাৰ হোৱা তেওঁ প্রত্যক্ষ কৰাৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এই স্কুটী বিনামূলীয়া উপহাৰ নহয়৷ তেওঁলোকৰ শৈক্ষিক সফলতাৰ বাবে উৎসাহ যোগাবলৈ দিয়া স্বীকৃতিহে৷ সেয়ে তেওঁ ছাত্রীসকলক স্কুটীখন ৰাজনীতিৰ ঊর্ধ্বত ৰাখি অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে ছাত্রীসকলক হেলমেট পৰিধান কৰাটো বাধ্যতামূলক বুলি মন্তব্য কৰি কয় যে ৰাজনৈতিক নেতা হিচাপে বাইক–স্কুটী ৰেল আদিত অংশগ্রহণ কৰিলে তেওঁ হেলমেট পৰিধান নকৰে৷ তাৰ কাৰণ হৈছে হেলমেট পৰিধান কৰিলে মুখখন নেদেখি৷ তেওঁলোকে ফটোৰ বাবেহে ৰেলী কৰে৷ তদুপৰি সেই সময়ত তেওঁলোকে দুশ মিটাৰ, তিনিশ মিটাৰ বা পাঁচশ মিটাৰহে অতি কম স্পীডত ৰেলী উলিয়ায়৷ সেয়ে তেওঁলোকক অনুকৰণ নকৰিবলৈ তেওঁ আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্রী ভবেশ কলিতা, অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই, ছেবাৰ অধ্যক্ষ আৰ চি জৈন, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, আয়ুক্ত সচিব প্রীতম শইকীয়া আদিও উপস্থিত থাকে৷

You might also like