নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিংছ একাদশ পঞ্জাবৰ নতুন নাম পঞ্জাব কিংছ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ নতুন নাম লৈ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণত ভাগ ল’ব কিংছ একাদশ পঞ্জাবে৷ চলিত বর্ষৰ প্রতিযোগিতাখনৰ কাইলৈ হ’বলগীয়া খেলুৱৈ নিলামৰ পূর্বে দলৰ নাম সলালে কিংছ একাদশ পঞ্জাবে৷ ফ্রেনচাইজীটোৱে এইবাৰ পঞ্জাব কিংছ নাম লৈ বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ফ্রেনচাইজীটোৱে আজি দলটোৰ নতুন লগ’ও উন্মোচন কৰিছে৷ ফ্রেনচাইজীটোৰ মুখ্য কার্যবাহী বিষয়া সতীশ মেননে কয় যে পঞ্জাব কিংছে অধিক বিকশিত ব্রেণ্ড নেমক প্রাধান্য দিব৷ তেওঁলোকে বুজে যে এইটোৱেই সঠিক সময় মুখ্য ব্রেণ্ডটোৰ প্রতি গুৰুত্ব দিয়া৷ উল্লেখ্য যে মোহিত বর্মন, নেছ ৱাডিয়া, প্রীতি জিণ্টা আৰু কৰণ পলৰ স্বত্বাধিকাৰী দলটোৱে এতিয়ালৈকে আই পি এলত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই৷ ২০০৮ চনৰ পৰা প্রতিযোগিতাখনত ভাগ লোৱা দলটোৱে ২০১৪ চনত ৰানার্ছআপ আৰু ২০০৮ চনত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷

You might also like