উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ঘোষণা কৰা ফলাফল অনুসৰি কলা শাখাৰ ফলাফলত সন্তোষজনক সফলতা দেখা গৈছে। Assam State School Education Board-ৰ অধীনত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত কলা শাখাত ৭৯.৫৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
তথ্য অনুসাৰে, কলা শাখাত মুঠ ১,৯১,৭৯৮গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত—
- প্ৰথম বিভাগত উত্তীৰ্ণ : ৫৪,৭৫৫গৰাকী
- দ্বিতীয় বিভাগত উত্তীৰ্ণ : ৭৯,১৮১গৰাকী
- তৃতীয় বিভাগত উত্তীৰ্ণ : ৫৭,৮৬২গৰাকী
উল্লেখযোগ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৩,৩০,৭৪৪গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল