বিশেষ বাৰ্তা, ৬ জুনঃ “ধণাত্মক চিন্তাধাৰাৰে আগুৱাই গ’লেহে সফলতাৰ বাট বুলিব পাৰি।মনত যোগাত্মক চিন্তা থাকিলে পঢ়াৰ অনুকূল পৰিৱেশ আপোনা আপুনি সৃষ্টি হয়।পঢ়াটো একোগৰাকী বিদ্যাৰ্থীৰ ওপৰত নিৰ্ভৰশীল।”আজি ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্য খনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সংকল্পজিৎ শইকীয়াই সফলতাৰ সন্দৰ্ভত এই মন্তব্য কৰে। সফলতাৰ সন্দৰ্ভত তেওঁ কয়,” প্ৰথম সপোন দেখিব লাগিব আৰু সেই সপোনক বাস্তৱত ৰূপ দিবলৈ কঠোৰ শ্ৰম আৰু অনুশীলন কৰিব লাগিব।একাগ্ৰতা,কঠোৰ শ্ৰম আৰু অনুশীলননেই একোগৰাকী বিদ্যাৰ্থীৰ সফলতাৰ চাবি -কাঠি।” মেধাৱী ছাত্ৰ জনে আৰু কয়,”ধণাত্মক চিন্তাধাৰাৰে আগুৱাই গ’লেহে সফলতাৰ বাট বুলিব পাৰি।মনত যোগাত্মক চিন্তা থাকিলে পঢ়াৰ অনুকূল পৰিৱেশ আপোনা আপুনি সৃষ্টি হয়।পঢ়াটো একোগৰাকী বিদ্যাৰ্থীৰ ওপৰত নিৰ্ভৰশীল।” উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পাছত সামাজিক মাধ্যম ব্যৱহাৰ কৰা ছাত্ৰ জনে এই সন্দৰ্ভত কয়,”সকলোৰে ভাল বেয়া থাকে।ভালতো বুটলিব পৰাটোহে আচল কথা।” প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি সংকল্পজিৎ শইকীয়াৰ প্ৰিয় সাহিত্যিক আৰু বৰগোহাঞিৰ উচ্চাকাংখাৰ লগতে মানুহ হোৱাৰ গৌৰৱ তেওঁৰ প্ৰিয় গ্ৰন্থ। সাম্প্ৰতিক সমাজৰ কোনবোৰ কথাই মনত দুখ দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয়,”কৰ্মহীনতাই মনত বহুত দুখ দিয়ে।এই কৰ্মহীনতাই আমাৰ সমাজ খনৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰধান অন্তৰায়।সকলোৰে মাজত কৰ্মস্পীহা জাগি উঠিব লাগিব।কৰ্মহীন এটা জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে।” অসমৰ সংবাদ মাধ্যমৰ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰ জনে কয়,”অসমৰ একাংশ বাতৰি কাকতে এতিয়াও মূল্যবোধৰ অৱক্ষয় হ’বলৈ দিয়া নাই।সেই সংবাদপত্ৰ সমূহে আজিও সামাজিক দায়বদ্ধতা ৰক্ষা কৰিব পাৰিছে।সেয়েহে সকলো কাকতৰ বিশ্বাসযোগ্যতা এতিয়াও হেৰাই যোৱা নাই।” নগাঁও জিলাৰ কামপুৰ চাংচকীৰ নিৱাসী কামপুৰ চেনি কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অজিত শইকীয়া আৰু শিক্ষয়িত্ৰী বৰ্ণালী মজুমদাৰৰ একমাত্ৰ পুত্ৰ সন্তান সংকল্পজিতে নিজৰ ফলাফলকলৈ খুবেই সুখী বুলি মন্তব্য কৰি কয়,”মই আজি বহুত সুখী।বহুত ভাল লাগিছে।প্ৰথম হ’ম বুলি ভৱা নাছিলো যদিও প্ৰথম দহ জনৰ ভিতৰত যে থাকিব পাৰিম সেইটো নিশ্চিত আছিলো।”তেওঁ আৰু কয়,”ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে মোৰ বহুত যতন লৈছিল।পঢ়া শুনা, স্বাস্থ্য সকলোৰে খবৰ ৰাখিছিল শিক্ষা প্ৰতিষ্ঠান খনে। বিশেষকৈ নাম ল’ব লাগিব অধ্যক্ষ দিলীপ বৰা চাৰৰ। মই বহুত অনুশীলন কৰিছিলো।১০৫খন পুৰণা প্ৰশ্ন কাকত সংগ্ৰহ কৰি প্ৰতি খনৰে উত্তৰ সমূহ কৰিছিলো।”আজৰি সময়ত কবিতা লিখি ভাল পোৱা সংকল্পজিতৰ কবিতা ইতিমধ্যে বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছিল।
ভৱিষ্যৎ পৰিকল্পনাৰ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,”মোৰ সপোন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ।লগতে এগৰাকী লেখক হিচাপেও মই প্ৰতিষ্ঠা লাভ কৰিব বিচাৰো।” মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী সংকল্পজিতে কয়,”মোৰ প্ৰিয় ৰাজনীতিক অটল বিহাৰী বাজপেয়ী আৰু শৰৎ চন্দ্ৰ সিংহ। তেওঁ লোকৰ মূল্যবোধ মোৰ ভাল লাগে।” অফুৰন্ত প্ৰকৃতিপ্ৰেম থকা কৃতীমান ছাত্ৰজনে কয়,”মই প্ৰকৃতি সংৰক্ষণৰ ওপৰত লিখিব বিচাৰো।মোৰ তেনে লেখাৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা আনিব বিচাৰো।প্ৰকৃতি ধ্বংসকলৈ মই খুবেই উদ্বিগ্ন।” মাধ্যম কেতিয়াও সফলতাৰ অন্তৰায় নহয় বুলি বিশ্বাস কৰা মেধাবী ছাত্ৰ জনে কয়,”মই মেট্ৰিক কামপুৰৰ চাংচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাছ কৰিছিলো।৯৬.৮শতাংশ নম্বৰ লাভ কৰিছিলো। উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভৰ বাবে সু পৰিকল্পিত ভাৱে আগবাঢ়িছিলো।” স্মৰ্তব্য যে, সংকল্পজিৎ শইকীয়াই অসমীয়াত ১০০,ইংৰাজীত ৯২,শিক্ষাত ১০০, ৰাজনীতি বিজ্ঞানত ৯৯,ভূগোলত ৯৯ আৰু অৰ্থনীতিত (অতিৰিক্ত বিষয়)৯৪ সহ সৰ্বমুঠ ৪৯০ নম্বৰ লাভ কৰিছে।
প্ৰেৰক কনক হাজৰিকা