বিশেষ বাৰ্তা, ৬ জুন : “কোভিডে আমাৰ পৰিয়াললৈ কঢ়িয়াই আনিছিল দুৰ্যোগ। ২০২১ বৰ্ষত মোৰ লগতে আমাৰ পৰিয়ালৰ ভালেকেইজন সদস্য কোভিডত আক্ৰান্ত হওঁ। মোৰ বৰদেউতাৰ কোভিডত মৃত্যু হয়। ইয়াৰ পাচত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আগে মোৰ নাকৰ এক জটিল অস্ত্ৰোপচাৰ হোৱাৰ বাবে পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰাৰ পাচতো মই পৰীক্ষাত বহিব নোৱাৰিলো। মানসিকভাৱে হতাশ হৈ পৰিছিলো। ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ দিলীপ ছাৰে মোক সাহস দিলে। মই পুনৰ অধ্যয়নত নামি পৰিলো। নিয়মীয়াকৈ ক্লাছ কৰিবলৈ লও। আত্ম বিশ্বাস অটুট ৰাখি কষ্ট কৰাৰ বাবে আজি মই এনে এটি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’লো বুলি ভাবিছো। অৱশ্যে মই শীৰ্ষ স্হান লাভ কৰিম বুলি ভৱা নাছিলোঁ ।” আজি ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থী নিখিলেশ দত্তই এনেদৰে মনৰ ভাৱ প্রকাশ কৰে। হাজোৰ ৰামদিয়া বাসিন্দা নিখিলেশে নগাঁও চহৰত ভাড়াঘৰত থাকি অধ্যয়ন কৰিছিল। নিখিলেশৰ পিতৃ নগেন্দ্ৰ নাথ দত্ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু মাতৄ পদুমী পাঠক এগৰাকী শিক্ষয়িত্ৰী। ভৱিষ্যতে এগৰাকী চিকিৎসক হব বিচৰা নিখিলেশে দেশৰ এখন আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে । বেছিভাগ সময় অধ্যয়নতে ব্যস্ত থকা নিখিলেশে আগতে বিভিন্ন খেল খেলি ভাল পোৱা ছাত্ৰজনে পিছলৈ পঢ়াৰ বাদে অন্য কথা ভবা নাছিল। আজৰি সময়ত গান শুনি ভাল পোৱা নিখিলেশৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ, অৰিজিৎ সিং। নিখিলেশৰ মতে- সকলো ক্ষেত্ৰতে কষ্ট- অধ্যৱসায় মুল। সফলতাৰ মুল চাবি কাঠি হ’ল ধৈৰ্য- কষ্ট এইবোৰ। ছাত্ৰসকলে ভালদৰে কৰ্ম কৰি গ’লে ফল পাবই। মেধাৱী ছাত্ৰজনৰ দেশৰ ৰাজনৈতিক পৰিবেশ -পৰিস্থিতিক লৈ মনত কোনো উৎসুকতা নাই বুলি জানিবলৈ দি লগতে কয় যে মানুহে কৰ্মক সাৰথি হিচাপে লৈ আগবাঢ়ি গ’লে কৃতকাৰ্যতা লাভ কৰিবই। নিজৰ সফলতাৰ বাবে পিতৃ,মাতৃ, ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্রী বিশেষকৈ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ সহায়-সহযোগিতা আৰু অনুপ্ৰেৰণাৰ বিষয়ে উল্লেখ কৰি নিখিলেশে কয় পিতৃ-মাতৃ আৰু শিক্ষাগুৰুৰ অনুপ্ৰেৰণাৰ বাবেই এই কৃতিত্ব লাভ কৰি কৰিবলৈ সক্ষম হৈছো। মই স্থান লাভৰ লক্ষ্যৰে অধ্যয়ন কৰা নাছিলো। জ্ঞান লাভৰ বাবেহে মই অধ্যয়ন কৰিছিলো। উল্লেখ্য যে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰামদিয়া শংকৰদেৱ শিশু নিকেতনৰ পৰা ৰাজ্যখনৰ ভিতৰত অষ্টম স্থান লাভ কৰি ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নাম ভৰ্তি কৰা নিখিলেশে আজি ঘোষিত ফলাফলত ৯৬.৮ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰে। নিখিলেশে ইংৰাজীত ৯১, অসমীয়া ১০০, পদাৰ্থবিদ্যাত ৯৫, জীৱবিজ্ঞান ৯৯ , অংক ৯৯ আৰু ৰসায়নত ৮৪ নম্বৰ সহ মুঠ লাভ কৰিছে।
প্ৰেৰক কনক হাজৰিকা