বাৰ্তা ব্যুৰ’, ৬ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ একাডেমীৰ পৰা দ্বিতীয় স্থানেৰে জিলিকি উঠিল তেজপুৰৰ ঊষানগৰৰ ১৪ উপপথ নিবাসী প্ৰয়াত ব্যৱসায়ী হেমেন্দ্ৰ নাৰায়ণ মহন্ত (দিপ্লু) আৰু লিপিকা মহন্তৰ কন্যা দিয়া মহন্ত। ৯৭. ৬ শতাংশ নম্বৰেৰে জিলিকি উঠি তেজপুৰলৈ সুনাম কঢ়িয়াই অনা দিয়াই কৰ’ণা কেন্দ্ৰীক দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতে তেজপুৰৰ চেক্ৰেট হাৰ্ট বিদ্যালয়ৰ পৰা ৯৭ শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মেধাৰ পৰিচয় দিছিল। সত্ৰীয়া নৃত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰতো পাৰদৰ্শিতাৰ পৰিচয় দি অহা মেধা সম্পন্না দিয়াই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ মানসেৰে ৰামানুজনত নাম ভৰ্তি কৰি একাগ্ৰতাৰে অধ্যয়ন কৰি আজি এই ফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি তেজপুৰৰ বাসগৃহত সাংবাদিকৰ আগত সদৰী কৰি এই ফলৰ বাবে প্ৰয়াত পিতৃ আৰু মাতৃৰ আশীৰ্বাদৰ লগতে ৰামানুজনৰ অধ্যক্ষ সমন্বিতে সকলো শিক্ষাগুৰুৰে অৱদান আছে বুলি জানিবলৈ দিয়ে। দশম শ্ৰেণীত পঢ়ি থাকোতেই পিতৃৰ অকাল মৃত্যু হোৱাৰ পিছত মাতৃৰ অশেষ ত্যাগৰ মাজত পৰীক্ষাৰ চাৰিমাহমান পূৰ্বৰ পৰা দৈনিক ১২ ঘন্টাকৈ অধ্যয়ন কৰা দিয়াই আগন্তুক সময়ত কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ হাবিয়াস থকাৰ সদৰী কৰি ইয়াৰ বাবে ইতিমধ্যে চি ইউ ই টি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা সদৰি কৰে। উল্লেখ্য যে, এই ফলাফলৰ বাতৰি বিয়পি পৰাৰ পিছত যথেষ্ট শুভাকাংক্ষীৰ সমাগম ঘটে যদিও কিছু সময়ৰ পিছতেই দিয়া নগাঁৱৰ ৰামানুজনলৈ বুলি ৰাওনা হোৱাৰ প্ৰাকমুহূৰ্তত মাতৃ লিপিকা মহন্তইও সৰুৰে পৰা দিয়াই একাগ্ৰতাৰে অধ্যয়ন কৰিছিল বুলি মন্তব্য কৰে।
প্ৰেৰক পুলক কুমাৰ ডেকা