নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ শীর্ষস্থানত ধৃতিৰাজ বাস্তৱ কলিতা

মই আশা কৰাতকৈ বহু বেছি ভাল হ’ল ফলাফল

নিয়মীয়া বাৰ্তা ৬ জুনঃ প্রথম দহোটা স্থানৰ যিকোনো এটা পাম বুলি ভাবিছিলোঁ৷ কাৰণ পৰীক্ষাত মই ভবাৰ দৰেই উত্তৰ কৰিব পাৰিছিলোঁ৷ কিন্তু প্রথম স্থান যে পাম, সেয়া ভবা নাছিলোঁ৷ মই আশা কৰাতকৈ বহু বেছি ভাল হৈ গ’ল পৰীক্ষাৰ ফলাফল৷ কেৱল পৰীক্ষাৰ বাবে নহয়, মই যিকোনো বিষয় খৰচি মাৰি পঢ়িছিলোঁ৷ দৈনিক কেইবজাৰ পৰা কেতিয়ালৈ পঢ়িম, তাৰো কোনো নির্ধাৰিত ৰুটিন নাছিল৷ মই যেতিয়ালৈ পঢ়াখিনি আয়ত্ত কৰিব পৰা নাছিলোঁ, তেতিয়ালৈ পঢ়ি আছিলোঁ৷ কেতিয়াবা হয়তো মা–দেউতা বা মামাহঁতৰ ঘৰলৈ গ’লে ককাই মোক ৰাতি ডেৰ–দুই বজাত সাৰ পাই জোৰকৈ বিছনাত শুৱাই দিছিল৷ মই যেতিয়া কোনো বিষয় বুজি নাপাইছিলোঁ, আমাৰ বিদ্যালয়ৰ ছাৰ, বাইদেউক সুধি লৈছিলোঁ৷ তাতো যদি সন্তুষ্ট হোৱা নাছিলোঁ, মোৰ মামাক সুধিছিলোঁ৷ সেয়ে টিউচনৰ প্রয়োজন হোৱা নাছিল৷ পঢ়াৰ সময়ত এনেদৰে ব্যস্ত থাকোঁ৷ ইয়াৰ বিপৰীতে আজৰি পালে মই গীত গাই বৰ ভাল পাওঁ৷ আন বহুতৰ দৰে মোৰো প্রিয় শিল্পী জুবিন গার্গ৷ জুবিন দাৰ গানত কিবা বেলেগ এটা বুজাব নোৱাৰা ভাব আহি যায়, সেয়ে গুণগুণাই থাকোঁ৷ মই ভৱিষ্যতে এজন ভাল চিকিৎসক হ’ব বিচাৰোঁ৷ চিকিৎসক হোৱাৰ সপোন মোৰ মনত সৰুৰে পৰা গঢ় লৈছে৷ কিয়নো আর্তজনক সেৱা কৰি যি আনন্দ পোৱা যায়, সেয়া হয়তো চিকিৎসক এজনক বাদে আন কোনেও বুজিব নোৱাৰে৷ সেয়ে মই এতিয়া উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৰাজ্যৰ কোনো এখন আগশাৰীৰ মহাবিদ্যালয়ত নামভর্তি কৰিম আৰু আৰম্ভ কৰিম সপোনৰ বাস্তৱ ৰূপ দিয়াৰ প্রস্তুতি৷ আজি মোৰ যি ফলাফল, তাৰ গুৰিতে হৈছে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰু, আমাৰ পৰিয়াল আৰু গাঁৱৰ ৰাইজৰ আশীর্বাদ৷ তেওঁলোকৰ ওচৰত সদায় ঋণী হৈ ৰ’ম৷ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে আমাৰ দেশ আৰু ৰাজ্যত সুন্দৰ পদক্ষেপ লোৱা হৈছে৷ আমি এইক্ষেত্রত সকলোৱে সহযোগ কৰিব লাগিব চৰকাৰক৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমবাসীৰ বাবে লোৱা পদক্ষেপৰ বাবে তেওঁক আন্তৰিক ধন্যবাদ জনাওঁ৷ তেওঁ মোৰ প্রিয় ব্যক্তিৰ অন্যতম৷ মই আশাবাদী যে কম সময়ৰ ভিতৰতে ক’ভিড–১৯ৰ প্রতিষেধক আহিবই৷ আমি আতংকিত নহয়, সাৱধান হোৱাটো জৰুৰী৷ মোৰ ম’বাইল ফোন, ছ’চিয়েল মিডিয়া আদিৰ প্রতি বিশেষ অনুৰাগ নাই৷ এইবোৰ কামত আহিব পৰাকৈ ব্যৱহাৰ কৰিব লাগে, তাক লৈ ব্যস্ত থকাৰ কোনো প্রয়োজন নাই৷

You might also like