নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিকূলতা নেওচি শিক্ষার্থী সমাজৰ অভিলেখ

৬ বছৰৰ পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আশাব্যঞ্জক ফলাফল

নিয়মীয়া বাৰ্তা ৭ জুনঃ বিগত ছটা বছৰৰ নিৰাশাৰ যৱনিকা পৰিল৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষাত স্ব–কৃতিত্বৰে উজলি উঠিল অসমৰ শিক্ষার্থী সমাজ৷ প্রতিকূল সামাজিক পৰিৱেশৰ মাজতো ২০২০ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৪.৮০ শতাংশ আৰু হাইমাদ্রাছা পৰীক্ষাত ৬৩.৬৭ শতাংশ ১ পৰীক্ষার্থী উত্তীর্ণ হয়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্রত এই ফলাফল যোৱা ৬টা বছৰৰ পাছত আশাব্যঞ্জক হিচাপে বিবেচিত হৈছে৷ এইবেলি অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হোৱা ৩,৪২,২২৪গৰাকী শিক্ষার্থীৰ ভিতৰত ২,২১,৭৫৬গৰাকী উত্তীর্ণ হয়৷ ইয়াৰে ৪৮,২৭৮গৰাকীয়ে প্রথম বিভাগ, ৭৭,৮৫০গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯৫,৬২৮গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ মুঠ ৫,৯৪১গৰাকী শিক্ষার্থীয়ে ডিষ্টিংচন হোৱাৰ বিপৰীতে ১০,৮১৫গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে৷ ইপিনে, প্রথম ১০টা স্থানৰ ভিতৰত নাম উজলাবলৈ সক্ষম হয় ৪২গৰাকী কীর্তিমানে৷ প্রথম দহটা স্থানৰ ভিতৰত আছে নলবাৰীৰ ৬গৰাকী, লখিমপুৰৰ ৫গৰাকী, কামৰূপ (মহানগৰ)ৰ ৪গৰাকী, নগাঁৱৰ ৪গৰাকী, শিৱসাগৰৰ ৩গৰাকী, গোলাঘাটৰ ৩গৰাকী, ডিব্রুগড়ৰ ৩গৰাকী, দৰঙৰ ২গৰাকী, কাছাৰৰ ২গৰাকী, তিনিচুকীয়াৰ ২গৰাকী আৰু বঙাইগাঁও, শোণিতপুৰ, কার্বি আংলং জিলাৰ এগৰাকীকৈ শিক্ষার্থী৷ উল্লেখ্য যে যোৱা বছৰটো নাগৰিকত্ব সংশোধনী আইনকে ধৰি নানা ধৰণৰ সামাজিক, ৰাজনৈতিক ইছ্যুত অসমৰ সমাজ জীৱন উত্তাল হৈ আছিল৷ এক চৰম প্রতিকূল শৈক্ষিক পৰিৱেশৰ মাজত অসমৰ ছাত্র–ছাত্রীসকল অৱতীর্ণ হৈছিল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষাত৷ তাৰ পাছতো আজি ঘোষিত ফলাফলত অসমৰ শিক্ষার্থীসকলে একপ্রকাৰ নতুন অভিলেখ ৰচনা কৰে৷ কিয়নো বিগত ছটা বছৰৰ পাছত এইবাৰৰ উত্তীর্ণৰ হাৰ হ’ল সর্বাধিক৷ ২০১৪ বর্ষত ৬১.৪২ শতাংশ, ২০১৫ বর্ষত ৬২.২০ শতংশ, ২০১৬ বর্ষত ৬২.৭৯ শতাংশ, ২০১৭ বর্ষত ৪৭.৯৪ শতাংশ, ২০১৮ বর্ষত ৫৬–০৪ শতাংশ, ২০১৯ বর্ষত ৬০.২৩ শতাংশ শিক্ষার্থী উত্তীর্ণ হোৱাৰ বিপৰীতে ২০২০ বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণৰ হাৰ হ’ল ৬৪.৮০ শতাংশ৷ সর্বোপৰি নলবাৰী, শিৱসাগৰ, বঙাইগাঁও, কাছাৰ আদি জিলাৰ চৰকাৰী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্র–ছাত্রীয়েও শ্রেষ্ঠত্বৰ তালিকাত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে৷ যিটো অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ বাবে এক আশাৰ খবৰ৷ অৱশ্যে সামগ্রিকভাৱে শীর্ষস্থানপ্রাপ্তৰ তালিকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে আধিপত্য বিস্তাৰ কৰা দেখা গৈছে৷ তাৰ মাজতো ৰাজ্যখনৰ গ্রামাঞ্চল আৰু মফচলীয়া অঞ্চলসমূহৰ ছাত্র–ছাত্রীৰ সাফল্য এইবাৰৰ ফলাফলৰ আন এক উল্লেখনীয় দিশ৷ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক প্রত্যাহ্বান জনাই সফলতাৰ শিখৰ চুইছে শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু–বিদ্যা নিকেতনসমূহে৷ বিদ্যাভাৰতীৰ অন্তর্গত অসমীয়া মাধ্যমৰ এই শিক্ষানুষ্ঠানসমূহৰ মুঠ ৮গৰাকী ছাত্র–ছাত্রী প্রথম দহটা স্থানৰ ভিতৰত আছে৷ শীর্ষস্থানপ্রাপকৰ তালিকাত প্রথম স্থানত এগৰাকী, দ্বিতীয় স্থানত এগৰাকী, তৃতীয় স্থানত ৩গৰাকী, চতুর্থ স্থানত ২গৰাকী, পঞ্চম স্থানত ৩গৰাকী, ষষ্ঠ স্থানত ৪গৰাকী, সপ্তম স্থানত ২গৰাকী, অষ্টম স্থানত ৫গৰাকী, নৱম স্থানত ১০গৰাকী আৰু দশম স্থানত ১১গৰাকী ছাত্র–ছাত্রী জিলিকি উঠিছে৷ এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্রীৰ বিপৰীতে ছাত্রৰ উত্তীর্ণৰ হাৰ অধিক৷ পৰীক্ষাত অৱতীর্ণ হোৱা ১,৬৩,৯৯২গৰাকী ছাত্রৰ ভিতৰত ১,০৭,৬১৯গৰাকী উত্তীর্ণ হয়৷ উত্তীর্ণৰ হাৰ হ’ল ৬৬.৯৩ শতাংশ৷ আনহাতে, মুঠ ১,৮৪,৭৪৫গৰাকী ছাত্রীৰ ভিতৰত উত্তীর্ণ হয় ১,১৪,১৩৭গৰাকী ছাত্রী৷ ছাত্রীৰ উত্তীর্ণৰ হাৰ ৬২.৯১ শতাংশ৷ আনহাতে, চাহ জনগোষ্ঠীৰ ১২,৪৬৯গৰাকী ছাত্র–ছাত্রীৰ ভিতৰত ৫,৩৬৬গৰাকী উত্তীর্ণ হয়৷ ইয়াৰে ২৩১গৰাকীয়ে প্রথম বিভাগ, ১,১২৫গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪,০১০গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ চাহ জনগোষ্ঠীৰ ছাত্র–ছাত্রীৰ উত্তীর্ণৰ হাৰ হ’ল ৪৩.০৩ শতাংশ৷ মুঠ কথাত উত্তাল আন্দোলনমুখৰ পৰিস্থিতি আৰু তাৰ পাছৰ ক’ৰোনাৰ দ্রুত সংক্রমণে স্থবিৰ কৰি পেলোৱা সময়ত আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে নতুন আশাৰ ঢ়ৌ তুলিছে৷ একেদৰে অসম হাইমাদ্রাছা পৰীক্ষাত এইবেলি অৱতীর্ণ হোৱা ৯,৩৪৭গৰাকী শিক্ষার্থীৰ ভিতৰত ৫,৯৫১গৰাকী উত্তীর্ণ হয়৷ ইয়াৰে ৭১২গৰাকীয়ে প্রথম বিভাগ, ২,৬৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৬০০গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ হাইমাদ্রাছা পৰীক্ষাত মুঠ উত্তীর্ণৰ হাৰ ৬৩.৬৭ শতাংশ হোৱাৰ বিপৰীতে ছাত্রৰ উত্তীর্ণৰ হাৰ ৬৫.২৫ শতাংশ আৰু ছাত্রীৰ উত্তীর্ণৰ হাৰ ৬২.৬২ শতাংশ৷ ২৬গৰাকীয়ে ডিষ্টিংচন, ৯৫গৰাকীয়ে ষ্টাৰ মার্ক আৰু ৩,০৬৫গৰাকী ছাত্র–ছাত্রীয়ে বিভিন্ন বিষয়ত লেটাৰ মার্ক পাবলৈ সক্ষম হৈছে৷ বৰপেটাৰ ঢ়কুৱা হাইমাদ্রাছাৰ ছাত্র ইয়ামিন আলীয়ে লাভ কৰিছে প্রথম স্থান৷ এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষাৰ ফলাফলে শৈক্ষিক জগতলৈ নতুন সম্ভাৱনাৰ বাতৰি কঢ়িয়াই আনিলেও ফলাফল ঘোষণাৰ দিনটোত দেখা নগ’ল পূর্বৰ দৰে উচ্ছ্বাসভৰা পৰিৱেশ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিপ্রেক্ষিতত শিক্ষার্থীসকলে নিজৰ ঘৰতে ডিজিটেল আকাৰত ফলাফল আৰু মার্কশ্বীট লাভ কৰে৷ ফলত বিদ্যালয় চৌহদসমূহ নিজম পৰি ৰয়৷ সি যি কি নহওক, দুশ্চিন্তা আৰু দুর্ভাৱনাৰে ভৰা এই পৰিৱেশ–পৰিস্থিতিৰ মাজতো শিক্ষার্থীৰ জীৱনৰ প্রথমটো কঠিন পৰীক্ষাত জিলিকি উঠা ছাত্র–ছাত্রীসকলে সমাজ–ৰাজ্যৰ ভৱিষ্যতো উজলাই তুলিব বুলি আশা কৰিছে ৰাজ্যবাসীয়ে৷
বিদ্যালয়ত নাই চিৰপৰিচিত দৃশ্য
মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে সৃষ্টি কৰা অভূতপূর্ব পৰিস্থিতিৰ মাজতে আজি ঘোষণা কৰা হ’ল হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ প্রতিগৰাকী শিক্ষার্থীৰ বাবে মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটো জীৱনৰ এক বিশেষ দিন হিচাপে বিবেচিত হৈ আহিছে৷ হয়তো জীৱনৰ প্রথমটো গুৰুত্বপূর্ণ পৰীক্ষা হোৱা বাবেই মেট্রিকৰ ফলাফল ঘোষণা কৰাৰ দিনটো সকলোৰে বাবে সুকীয়া৷ ফলাফল ঘোষণা কৰাৰ লগে লগে বিদ্যালয়ে বিদ্যালয়ে সৃষ্টি হয় এক সুকীয়া পৰিৱেশ৷ স্থান দখল কৰি সুনাম কঢ়িয়াই অনা বিদ্যালয়সমূহৰ এই দিনটোত যে গুৰুত্বই পৃথক৷ ফলাফল ঘোষণাৰ লগে লগে বিদ্যালয় চৌহদত সৃষ্টি হয় এক আনন্দমুখৰ পৰিৱেশ৷ শিক্ষার্থীৰ কোলাহল, শিক্ষক–শিক্ষয়িত্রীৰ পাৰভঙা আনন্দই প্রতিগৰাকী সফল শিক্ষার্থীকে জীৱনৰ আন এক মাদকতা প্রদান কৰে৷ কিন্তু এইবাৰ চিৰপৰিচিত এই দৃশ্য পৰিলক্ষিত নহ’ল ৰাজ্যৰ বিদ্যালয়সমূহত৷ কিয়নো ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি আজিৰ দিনটোত খোলা নহ’ল কোনো বিদ্যালয়৷ সময়ৰ লগত খোজ মিলাই অসম মাধ্যমিক শিক্ষা পৰিষদে সময় মতেই ঘোষণা কৰিলে ফলাফল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি পৰিষদখনে ফলাফল ঘোষণাৰ ক্ষেত্রত বাছি ল’লে নতুন পন্থা৷ প্রথমবাৰৰ বাবে ৰাজ্যত ডিজিটেল মাধ্যমৰ জৰিয়তে মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল৷ ১৪টা ৱেবছাইট আৰু এটা ম’বাইল এপৰ জড়িতে পৰিষদে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰে৷ কেৱল ফলাফলেই নহয়, এই ৱেবছাইটসমূহৰ পৰা শিক্ষার্থীসকলে ই–মার্কশ্বীট লাভ কৰাৰো পথ প্রশস্ত কৰিলে পৰিষদে৷ ইয়াৰ পূর্বে পৰীক্ষার্থীসকলক বিদ্যালয়তে ফলাফলৰ দিনাই বিদ্যালয়ত মার্কশ্বীট আৰু উত্তীর্ণৰ প্রমাণ–পত্র প্রদান কৰা হৈছিল৷ সাম্প্রতিক পৰিস্থিতিৰ বাবে বিকল্প মাধ্যমৰ জৰিয়তে ফলাফল ঘোষণাৰ বাবে স্কুলসমূহ খুলিলেহে শিক্ষার্থীসকলে লাভ কৰিব মার্কশ্বীট আৰু উত্তীর্ণৰ প্রমাণ–পত্র৷ উল্লেখ্য যে মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে প্রথম ১০টা স্থানৰ তালিকাত স্থান লাভ কৰা শিক্ষার্থীসকলৰ বিদ্যালয়সমূহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে৷ সুনাম কঢ়িয়াই অনা শিক্ষার্থীসকলক বিদ্যালয়ত শিক্ষক–শিক্ষয়িত্রী আৰু শুভাকাংক্ষীসকলে গামোচা পিন্ধাই সম্বর্ধনা জ্ঞাপন কৰে৷ কিন্তু এইবাৰ এই আনন্দোৎসৱৰ পৰা বঞ্চিত হ’ল স্থানপ্রাপকসকলৰ লগতে কীর্তিমান শিক্ষার্থীসকল৷ সাম্প্রতিক পৰিস্থিতিৰ বাবে তেওঁলোক বিদ্যালয়ৰ পৰিৱর্তে ঘৰতেই ল’বলগীয়া হ’ল ফলাফল৷ তদুপৰি সামাজিক দূৰত্ব ৰখাৰ স্বার্থত মূলতঃ ঘৰ আৰু পৰিয়ালৰ লোকসকলৰ মাজতহে এই সাফল্যৰ আনন্দ উপভোগ কৰিবলৈ সক্ষম হ’ল শিক্ষার্থীসকল৷ ইয়াৰ মাজতে স্থান লাভ কৰা অধিকাংশ শিক্ষার্থীয়ে ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ লক্ষ্য বান্ধি লোৱা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰাৰ তথ্যই তাৎপর্য বহন কৰিছে৷ কিয়নো ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণৰ সময়ত সন্মুখৰ পৰা যুদ্ধ কৰি আহিছে চিকিৎসক–নার্ছসক৷ আনকি বহু ঠাইত চিকিৎসক–নার্ছ আক্রান্ত হৈছে ক’ৰোনাত৷ তৎসত্ত্বেও সাফল্য লাভ কৰা শিক্ষার্থীসকলে এই মহান বৃত্তিটোৰ বাবে আগ্রহ প্রকাশ কৰাটো উৎসাহজনক৷
ৰাজ্যপাল–মুখ্যমন্ত্ৰীৰ অভিনন্দন
আজি ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্রাছা পৰীক্ষাত সাফল্য অর্জন কৰা শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে৷ এক বিবৃতিত ৰাজ্যপাল মুখীয়ে কয় যে জীৱনৰ প্রথমটো পৰীক্ষাৰ ফলাফলে ছাত্র–ছাত্রীসকলক অনাগত দিনত আগুৱাই যোৱাৰ লগতে নিজকে প্রতিষ্ঠা কৰা আৰু সমাজৰ বাবে কাম কৰাৰ দিশৰ সন্ধান দিব৷ এইক্ষেত্রত তেওঁ ছাত্র–ছাত্রীসকলৰ অনাগত শৈক্ষিক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ আনহাতে, এই পৰীক্ষাত অনুত্তীর্ণ ছাত্র–ছাত্রীসকলক এতিয়াৰে পৰা প্রণালীবদ্ধভাৱে অধিক কঠোৰ পৰিশ্রম কৰাৰ আহ্বান জনাই কয় যে অধিক শ্রমৰ ফলাফল কেতিয়াও অথলে নাযায়৷ অধিক কঠোৰ পৰিশ্রম কৰিলে ভৱিষ্যতে তেওঁলোকেও সফলতা অর্জন কৰিব পাৰে৷ ইপিনে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই বছৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষাত সাফল্য অর্জন কৰা শিক্ষার্থীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ পৰীক্ষাত উত্তীর্ণ সকলো ছাত্র–ছাত্রীৰে উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে অভিভাৱক আৰু শিক্ষক–শিক্ষয়িত্রীস অভিনন্দন জ্ঞাপন কৰে৷ এক বার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে ছাত্র–ছাত্রীসকলে কঠোৰ পৰিশ্রম, নিৰলস প্রয়াস, একাগ্রতা আৰু অধ্যৱসায়ৰ বলত এই গুৰুত্বপূর্ণ পৰীক্ষাত কৃতকার্যতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছাত্র–ছাত্রীসকলে নিজৰ শক্তিশালী ভৱিষ্যৎ গঢ়াৰ লগতে ৰাজ্যখনৰ সুনাম বৃদ্ধি কৰাৰ বাবে আগন্তুক সময়ত অধিক নিষ্ঠা, একাগ্রতা আৰু প্রতিযোগিতামুখী মনোভাবেৰ অধ্যয়নত ব্রতী হ’ব লাগিব৷ মুখ্যমন্ত্রী সোণোৱালে এইবাৰৰ পৰীক্ষাত কৃতকার্য হ’ব নোৱাৰা ছাত্র–ছাত্রীসকলক হতাশ নহৈ দৃঢ় লক্ষ্য লৈ অধিক নিষ্ঠা আৰু একাগ্রতাৰে অধ্যয়নত ব্রতী হ’বলৈ আহ্বান জনায়, যাতে তেওঁলোকে পৰৱর্তী পর্যায়ত সফলতাৰে নিজকে প্রতিষ্ঠা কৰিব পাৰে৷ ইফালে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো সফলতাৰে উত্তীর্ণ হোৱা ছাত্র–ছাত্রীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে৷ যিসকল ছাত্র–ছাত্রীয়ে এইবাৰৰ পৰীক্ষাত আশা কৰা ধৰণে ফলাফল প্রদর্শন কৰিব নোৱাৰিলে, তেওঁলোকক হতাশ নহৈ অনাগত দিনত ভাল ফল প্রদর্শনৰ বাবে কঠোৰ পৰিশ্রম কৰাৰ আহ্বান জনায় মন্ত্রীজনে৷ এইবাৰৰ পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রথম ১০টা স্থানৰ ভিতৰত প্রথম স্থান প্রাদেশীকৃত বিদ্যালয়ে লাভ কৰিছে৷ দৰং, শিৱসাগৰকে ধৰি বহু জিলাৰ চৰকাৰী বিদ্যালয়ে এইবাৰ ভাল ফলাফল প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷

You might also like