নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : আজি ঘোষিত উচ্চ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অষ্টম স্থানে চৰাইদেউ জিলাৰ সাপেখাতী লৈ গৌৰৱ কঢ়িয়াই আনিলে জিষ্ণু বৰগোহাঁই। সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এঞ্জেলিকা একাডেমিৰ পৰা পৰীক্ষাত অৱৰ্তীন হোৱা জিষ্ণু বৰগোহাঁই সৰ্বমুঠ ৫৮৭ নম্বৰ লৈ অষ্টম স্থান পাবলৈ সক্ষম হয়। সাপেখাতী এক নং কঠিয়াখুণ্ডা গাঁৱৰ নিৰ্বাসী তথা শিক্ষক মুকুট বৰগোহাঁই আৰু শিক্ষয়িত্ৰী ববিতা গগৈ বৰগোহাঁই একমাত্ৰ পুত্ৰ সন্তান জিষ্ণুয়ে সংবাদ মাধ্যমৰ আগত ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ কথা প্ৰকাশ কৰে। আজি ফলাফল ঘোষনা কৰাৰ পাছতে এঞ্জেলিকা একাডেমিৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে ব্যাপক আনন্দ উল্লাহ কৰে । ২০১৬ বৰ্ষতে সাপেখাতী শংকৰদেৱ শিশু নিকেতনৰ পৰা ৰাজ্যৰ ভিতৰত ১৭ নম্বৰ স্থান দখল কৰিছিল অনুৰাগ বৰুৱাই । তাৰ পাছতেই ৬ বছৰৰ পাছত পুনৰ অষ্টম স্থানে সাপেখাতী লৈ জিষ্ণু বৰগোহাঁই গৌৰৱ কঢ়িয়াই অনাত শিক্ষক শিক্ষয়িত্ৰী , অভিভাৱক তথা সাপেখাতী বাসীয়ে আনন্দত মতলীয়া হৈ বিদ্যালয় চৌপাশ নাচ গানে যেন এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে । অষ্টম স্থানপ্ৰাপ্ত জিষ্ণু বৰগোহাঁই সাফল্যত সন্তুষ্টি লাভ কৰি সাপেখাতী প্ৰেছ ক্লাৱ ,টাই আহোম যুৱ পৰিষদৰ হৈ কেন্দ্ৰীয় মুখপাত্ৰ নৱদ্বীপ বৰুৱা, কৃষ্ণ গগৈ, এঞ্জেলিকা একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰী ,কন্ঠশিল্পী লক্ষীচন্দ্ৰই একোখনকৈ গামোচাৰে অভিনন্দন জনাই ।
প্ৰেৰক অঞ্জন গগৈ