নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱাৰ নজিৰ গঢ়িলে ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয়ে

নিয়মীয়া বাৰ্তা, ধুবুৰী, 16 এপ্ৰিল: যিসময়ত অসম চৰকাৰে ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ লৈছে সেই সময়তেই কিন্তু ধুবুৰী চহৰৰ এখন চৰকাৰী হাইস্কুলৰ এইবেলিৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে নজিৰ গঢ়িলে। এইবাৰৰ মেট্ৰিক পৰীক্ষাত ধুবুৰীৰ বিদ্যাপাৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামৰ সেই শিক্ষানষ্ঠানটোৰ এগৰাকীও পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱাৰ ঘটনাই চকু কঁপালত তুলিছে অভিভাৱকে ধৰি সচেতন ৰাইজৰ। জানিব পৰা মতে, বিদ্যালয়খনৰ মুঠ ৭০ গৰাকী পৰীক্ষাৰ্থীৰ গোটেই কেইগৰাকীয়ে ফেইল কৰিছে।

You might also like