নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা মেট্রিক–উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ সকলো উৎকণ্ঠাৰ অন্তত আজিৰে পৰা অনুষ্ঠিত হৈছে ২০২২ বর্ষৰ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ ৰাজ্যৰ ৯০৩টা পৰীক্ষা কেন্দ্রত এইবাৰ অনুষ্ঠিত হৈছে মেট্রিক পৰীক্ষা৷ য’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছে ৪,১৯,৮৮৭গৰাকী পৰীক্ষার্থী৷ ইয়াৰে ১,৯৫,১৮১গৰাকী ছাত্রৰ বিপৰীতে ২,২৪,৭০৬গৰাকী ছাত্রী৷ সেইদৰে হাইমাদ্রাছা পৰীক্ষাত অৱতীর্ণ হৈছে ১১,২৪৫গৰাকী পৰীক্ষার্থী৷ ইয়াৰে ৪,১৯৯গৰাকী ছাত্র হোৱাৰ বিপৰীতে ৭,৪৬০গৰাকী ছাত্রী৷ এইবাৰ বিশেষভাৱে সক্ষম ২১গৰাকী দৃষ্টিহীন আৰু ৪৬গৰাকী মূকবধিৰ পৰীক্ষার্থীও অৱতীর্ণ হৈছে মেট্রিক পৰীক্ষাত৷

লক্ষণীয়ভাৱে এইবাৰ পোনপ্রথমবাৰৰ বাবে তিনিটাকৈ নতুন বিষয় ক্রমে– কমার্চ, কার্বি (ই) আৰু বিউটী এণ্ড ৱেলনেছ অতিৰিক্ত বিষয় হিচাপে পৰীক্ষার্থীসকলে পৰীক্ষা দিয়াৰ সুযোগ লাভ কৰিব৷ মন কৰিবলগীয়া যে বিগত বর্ষবোৰৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্রত নিষিদ্ধ কৰা হৈছে ম’বাইল ফোনকে ধৰি ইলেক্ট্রনিক জাতীয় সামগ্রী৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত পৰীক্ষা কেন্দ্রৰ ১০০ মিটাৰ আঁতৰত থাকিব লাগিব অভিভাৱকসকল৷ অৱশ্যে পৰীক্ষার্থীৰ সুবিধার্থে এইবাৰ ছেবাই হাতত লৈছে আন কেইবাটাও ইতিবাচক পদক্ষেপ৷ এইবাৰ পৰীক্ষার্থীয়ে ক’লা অথবা নীলা ৰঙৰ যিকোনো চিয়াঁহীৰে লিখিব পাৰিব পৰীক্ষাত৷ পূর্বে ক’লা চিয়াঁহী বাধ্যতামূলক আছিল মেট্রিক পৰীক্ষাত৷ একেদৰে ক’ভিডৰ বাবে যাতে কোনো পৰীক্ষার্থীয়ে অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়, তাৰ বাবে ৯০৩টা পৰীক্ষা কেন্দ্রতে ক’ভিডৰ আছুতীয়া কক্ষ থাকিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে৷

উল্লেখ্য যে ১৫ মার্চৰ পৰা ৩১ মার্চলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষা৷ একেদৰে আজিৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ চূড়ান্ত পৰীক্ষা৷ এইবাৰ ৭৯৬টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ কলা শাখাত ১,৬৪,২১৯গৰাকী পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ ইয়াৰে ৭৩,০০৭গৰাকী ছাত্র হোৱাৰ বিপৰীতে ৯১,২১২গৰাকী ছাত্রী৷ বিজ্ঞান শাখাত ৩৪,৪০১গৰাকী পৰীক্ষার্থী অৱতীর্ণ হ’ব পৰীক্ষাত৷ য’ত ছাত্রৰ সংখ্যা ২১,৫৪৬গৰাকীৰ বিপৰীতে ছাত্রীৰ সংখ্যা হৈছে ১২,৮৫৫গৰাকী৷ বাণিজ্য শাখাত ১৫,৫৮১গৰাকী ছাত্র–ছাত্রী অৱতীর্ণ হ’ব চূড়ান্ত পৰীক্ষাত৷ ইয়াৰে ১১,২২৪গৰাকী ছাত্রৰ বিপৰীতে ৪,৩৫৭গৰাকী ছাত্রী৷

একেদৰে বৃত্তিমূলক শাখাত ৮২১গৰাকী পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ ইয়াৰে ৬০৩গৰাকী ছাত্রৰ বিপৰীতে ২০৩গৰাকী ছাত্রী পৰীক্ষাত অৱতীর্ণ হ’ব৷ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষাতো নিষিদ্ধ থাকিব ম’বাইল ফোন আৰু ইলেক্ট্রনিকজাতীয় সামগ্রী৷ আনহাতে পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্রসমূহৰ আশে–পাশে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে পৰীক্ষা তদাৰক কৰিবলৈ থাকিব ফ্লাইং স্ক’ৱাডৰ বিশেষ দল৷ ইয়াৰ উপৰি পৰীক্ষার্থীৰ সুবিধার্থে প্রতিটো কেন্দ্রতে ক’ভিডৰ আছুতীয়া কক্ষ থাকিব বুলি জানিবলৈ দিয়ে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে৷

অহা ১২ এপ্রিললৈ চলিব উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষা৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰীক্ষার্থীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ ক্ষেত্রত সকলোৰে সহায়–সহযোগিতা কামনা কৰিছে৷ ইপিনে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া শিক্ষার্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ গুৱাহাটী ছাত্র সন্থাই৷

You might also like