নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চমক অব্যাহত শিক্ষানগৰী পাঠশালাৰ : নিকুঞ্জ-নিশান্তৰ স্থান লাভ

নিয়মীয়া বাৰ্তা, ২২ মেঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ উজলিল শিক্ষানগৰী পাঠশালা৷ অসমৰ শৈক্ষক পৰিমণ্ডলত সমুজ্বল ধাৰা অক্ষুন্ন ৰাখি প্ৰতিবছৰে স্থান লাভৰ ধাৰাবাহিকতা বজাই এইবাৰো অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিচিত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ দুগৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰি শিক্ষানগৰীক পুনৰ উজলাই তুলিছে৷ আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষাৰ্থী তথা বাকসা জিলাৰ বৰমাৰ কদমতলা নিৱাসী শিক্ষক নৱ কুমাৰ হাজৰিকা আৰু গৃহিনী নিতুমা হাজৰিকাৰ পুত্ৰ নিকুঞ্জ হাজৰিকাই ৰাজ্যখনৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা নিকুঞ্জই অসমীয়াত ৯৮, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ৯৮ নম্বৰৰে মুঠ ৫৮৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাছিল যদিও টেষ্ট পৰীক্ষাৰ পিছত দৈনিক ১১-১২ ঘণ্টাকৈ অধ্যয়ন কৰাৰ লগতে আজৰি সময়ত গান শুনি আৰু ক্ৰিকেট খেলি ভাল পোৱা নিকুঞ্জই এই সাফল্যৰ বাবে পিতৃ মাতৃ, শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকা, অধ্যক্ষ নন্দিতা বৰ্মন ডেকাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা স্বীকাৰ কৰে৷

আনহাতে শিক্ষানুষ্ঠানখনৰ পৰা অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হোৱা পাঠশালাৰ ভট্টদেৱ নগৰ নিৱাসী প্ৰয়াত চক্ৰধৰ লহকৰ আৰু গৃহিনী দীপিকা লহকৰৰ পুত্ৰ নিশান্ত লহকৰে অসমীয়াত ৯৪, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৭, উচ্চ গণিতত ১০০ নম্বৰৰে মুঠ ৫৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰখা নিশান্তই আজৰি সময়ত ছবি আকি ভাল পাইছিল৷ দুয়োগৰাকী শিক্ষাৰ্থীয়ে আনন্দৰাম বৰুৱা একাডেমিতে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দি একাগ্ৰতা আৰু অধ্যৱসায় থাকিলে যিকোনো কামতে সফলতা লাভ কৰিব পাৰি বুলি মন্তব্য কৰে৷ উল্লেখ্য যে মাত্ৰ ৬ বছৰ বয়সতে পিতৃহাৰা হোৱা নিশান্তই পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট সময় বাছি লোৱা নাছিল৷ তেওঁৰ এই সফলতাৰ বাবে বিশেষকৈ মাতৃ, আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ শলাগ লয়৷ ফল ঘোষণাৰ পাছতে দুয়োগৰাকী শিক্ষাৰ্থীক লৈ শিক্ষানুষ্ঠানখনক এক উছৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে শিক্ষাৰ্থী দুগৰাকীক লৈ সমগ্ৰ পাঠশালা নগৰৰ মাজেৰে এক শোভাযাত্ৰা উলিওৱা হয়৷ ছাত্ৰ দুগৰাকীৰ সাফল্যত শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকাই এই কৃতিত্বৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা উল্লেখ কৰি আনন্দৰাম বৰুৱা একাডেমিয়ে সদায়ে গুণগত মানদণ্ডৰে শিক্ষাদান কৰি আহিছে যাৰ ফলত এই ফল লাভ কৰি আহিছে আৰু অনাগত সময়তো এই ধাৰা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে৷ আনন্দৰাম বৰুৱা একাডেমি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নন্দিতা বৰ্মন ডেকাই আজিৰ ফলাফলত যথেষ্ঠ সুখ অনুভৱ কৰি ইয়াৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা ব্যক্ত কৰাৰ লগতে অনাগত সময়তো শিক্ষানুষ্ঠানখনে সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিব বুলি ব্যক্ত কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like