নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ এপ্ৰিলঃ আজি বহু চৰ্চাৰ অন্তত ঘোষণা হল। আজি ঘোষণা কৰা মেট্ৰিকৰ ফলাফল অনুসৰি প্ৰথম বিভাগত ৮৯,০৪১, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ আৰু তৃতীয় বিভাগ ৪৫, ৮৬২গৰাকী উত্তীৰ্ণ হৈছে। এইবাৰৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ।
ফলাফলত প্ৰথম স্থান দখল কৰে আমিষী শইকীয়াই। আমিষী যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী। আমিষীয়ে লাভ কৰিছে মুঠ ৫৯১ নম্বৰ (৯৮.৫০%)।
আনহাতে মেট্ৰিকৰ ফলাফলত দ্বিতীয় স্থান দখল কৰে সপ্তৰ্ষ বৰদলৈয়ে। সপ্তৰ্ষ বৰদলৈ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ। সপ্তৰ্ষ বৰদলৈয়ে মুঠ ৫৯০ (৯৮.৩৩%) নম্বৰ লাভ কৰিছে।
ইফালে মেট্ৰিকৰ ফলাফলত তৃতীয় স্থান দখল কৰিছে অনিৰ্বাণ বৰগোঁহাইয়ে। অনিৰ্বাণ বৰগোঁহাই যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ। অনিৰ্বাণে লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ (৯৮.১৭%)।