নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ প্রস্তুত হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) ৷ ইতিমধ্যে মেট্রিক পৰীক্ষাৰ সকলো উত্তৰবহীৰ মূল্যায়ন সম্পূর্ণ কৰি তোলা হৈছে ৷ বহীসমূহৰ মূল্যায়ন সম্পূর্ণ কৰাৰ পাছতে ফলাফল ঘোষণা কৰাৰ বাবে সকলো ধৰণে সাজু হৈছে ছেবা ৷ উল্লেখ্য যে যোৱা ২১ জানুৱাৰীৰ পৰা ২৯ ফেব্রুৱাৰীলৈ চলা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ কিছু অনিশ্চয়তা সৃষ্টি হৈছিল যদিও সকলো জটিলতাৰ ওৰ পেলাই ফলাফল ঘোষণাৰ বাবে প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে মাধ্যমিক শিক্ষা পৰিষদে ৷ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে এই সন্দর্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, লকডাউন প্রত্যাহাৰৰ পাছতে পৰীক্ষাৰ ফলাফল যাতে ঘোষণা কৰিব পাৰি, সেই লক্ষ্যৰে কাম–কাজ আগুৱাই নিয়া হৈছে ৷ সকলো ঠিকে–ঠাকে থাকিলে মে’ মাহৰ ভিতৰতে অথবা জুনৰ আৰম্ভণিতে মেট্রিকৰ ফলাফল ঘোষণা কৰা হ’ব ৷
ইতিমধ্যে বিভিন্ন জিলাৰ পৰা পৰীক্ষাৰ উত্তৰবহীসমূহ ছেবাৰ কার্যালয়লৈ অনা হৈছে ৷ সোমবাৰেও মার্ঘেৰিটা, তিনিচুকীয়া আৰু হাইলাকান্দিৰ পৰা পৰীক্ষাৰ বহীসমূহ অনা হয়৷ লকডাউনৰ মাজতে শেহতীয়াকৈ আৰম্ভ হোৱা আন্তঃৰাজ্যিক বাছ সেৱাৰ সুবিধা লৈ ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ লগতে উইংগাৰৰ দ্বাৰা বিভিন্ন জিলাৰ পৰা বহীসমূহ আনি থকা হৈছে৷ ফলাফল ঘোষণাৰ বাবে প্রাৰম্ভিক কামসমূহ সম্পূর্ণ কৰি তোলা হৈছে যদিও অনলাইন প্রক্রিয়াত কিছু কাম বাকী আছে৷ ইফালে ছেবাৰ আন এক সূত্রই প্রকাশ কৰা মতে, নির্ধাৰিত সময়তে মেট্রিকৰ ফলাফল ঘোষণা কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে যদিও সকলো নির্ভৰ কৰিছে লকডাউন প্রত্যাহাৰ অথবা বৃদ্ধিৰ ওপৰত৷ অৱশ্যে পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্রত লকডাউনৰ বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত মে’ মাহৰ ভিতৰতে ফলাফল ঘোষণা কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ চলা এনে তৎপৰতাৰ বিপৰীতে মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্রথম বর্ষৰ ছাত্র–ছাত্রীসকলক পৰীক্ষা অবিহনে দ্বিতীয় বর্ষলৈ উত্তীর্ণ কৰি দিবলৈ বাধ্য হৈছে৷ মার্চ মাহৰ শেষৰ ভাগত একাদশ বর্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও লকডাউনৰ বাবে এই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল সংসদ ৷