নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত দুদিনীয়াকৈ বিশাল নাওখেল প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ নগৰবেৰাৰ জামলাইত লোকাৰণ্য জলজলী নৈৰ দুয়োপাৰ। বিশাল জনসমুদ্ৰ। যেনিয়ে চকু যায় তেনিয়ে মাথো মানুহ আৰু মানুহ। উচাহৰ যেন আদি-অন্ত নাই। পৰম্পৰাগত নাওখেলক লৈ ৰাইজৰ পাৰভঙা উচাহ। জামলাই আঞ্চলিক বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত মঙ্গলবাল বুধবাৰে দুদিনীয়াকৈ আয়োজন কৰা হৈছে প্ৰাইজমানি নাওখেল প্ৰতিযোগিতাৰ। কেইবাখনকৈ খেলনাৱে এই প্ৰতিযোগিতাত অংশ লয়। জামলাই বজাৰৰ গাতে লাগি থকা জলজলীৰ বুকুত আয়োজন কৰা হৈছে এই খেলৰ। নৈৰ দুয়োপাৰ। বজাৰৰ চৌপাশ আনকি ৰাজপথৰ দলঙৰ ওপৰতো থিয় হ’বৰে ঠাই নাই। সকলোৱে হৰ্ষোল্লাসত মতলীয়া। মঙলবাৰৰ আবেলি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে জিলা পৰিষদৰ সদস্য ছাহজাহান আলী আহমেদে। খেলখনক লৈ জামলাই অঞ্চলৰ ৰাজপথত ভীষণ যানজঁটৰো সৃষ্টি হয়। অঞ্চলজুৰি বিৰাজ কৰে এক উচৱমুখৰ পৰিবেশ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like