নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত প্ৰকাণ্ড গাঁত

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত বৰপুখুৰীৰ পাৰে পাৰে মূল পথৰ কাষত একাধিক প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পুখুৰীৰ সুৰক্ষাৰ বাবে থকা মূল দেৱালৰ কাষত এনেদৰে প্ৰকাণ্ড গাঁতক লৈ সৃষ্টি হৈছে এই চাঞ্চল্য ৷ ক্ৰমাত পুখুৰীটোৰ বিভিন্ন অংশত দেৱালৰ কাষৰ অংশ অস্বাভাৱীক ভাৱে বহি যোৱা, দেৱালৰ কাষত মাত্ৰ সামান্য ব্যৱধানত সৃষ্টি হোৱা গভীৰ গাঁত সমূহৰ বাবেই অচিৰেই পুখুৰীৰ সুৰক্ষাৰ বাবে থকা দেৱালসহ পাৰৰ বৃহৎ অংশ পুখুৰীটোত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷উল্লেখ্য যে আহোম ঐতিহ্য বহন কৰি অহা এই বৰপুখুৰীৰ নান্দনিক সৌন্দৰ্য্যৰ বাবেই প্ৰতিদিনে শিৱসাগৰলৈ আগমণ ঘটে শ শ দেশী-বিদেশী পৰ্য্যটকৰ ৷বিশ্বৰ পৰ্যটন মানচিত্ৰত সগৌৰৱেৰে উজলি থকা এই বৰপুখুৰীৰ পাৰতেই আছে শিৱদৌল, দেৱী দল, বিষ্ণু দল নামৰ তিনিটাকৈ দল ৷এক আধ্যাত্মিক পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহাসিক বৰপুখুৰীটোৰ নৈসৰ্গিক পৰিৱেশে যি কোনো পৰ্যটককেই হাত বাউলি দি মাতে ৷লক্ষণীয় ভাৱে আজিলৈকে কেন্দ্ৰীয় অথবা ৰাজ্যিক পুৰাতত্ব বিভাগে দায়িত্ব গ্ৰহণ নকৰা এই ঐতিহাসিক পুখুৰীটোৰ চোৱা চিতাৰ দায়িত্বত আছে জিলা প্ৰশাসন ৷কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ একেবাৰে নাতি দূৰৈতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা দৃষ্টিগোচৰ হৈছে৷স্মৰ্তব্য যে পুখুৰীটোৰ চাৰিওফালে থকা পকী দেৱালৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে পুখুৰীটোৰ এক তৃতীয়া অংশত নিৰ্মান কৰা হৈছিল পদপথ ৷ব্লক, ইটা, ইত্যাদিৰে নিৰ্মিত প্ৰায় তিনি ফুট ব্যাসাৰ্ধৰ আৰু মূল পথৰ পৰা এফুট উচ্চতাত নিৰ্মিত এই পদ পথটো আছিল পুখুৰীটোৰ অপুৰ্ব নান্দনিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা দৰ্শনাথীৰ বাবে সুৰক্ষিত স্থান ৷ইয়াৰোপৰি পুঁৱা আৰু গধুলি শ শ প্ৰাতঃ-সান্ধ্য ভ্ৰমণকাৰীয়েও এই পদপথৰে খোজ কাঢ়ি পুখুৰীৰ নিৰ্মল বতাহ সেৱনেৰে শৰীৰৰ অৱসাদ দুৰ কৰিছিল ৷যান বাহনৰ কোনো ধৰণৰ ভিৰ পৰিলক্ষিত নোহোৱা পুখুৰীটোৰ চৌপাশৰ শেহতীয়া পৰিৱেশে সকলো শ্ৰেণীৰ লোককেই উদ্বিগ্ন কৰি তুলিছে ৷বিশেষকৈ পুখুৰীটোৰ শিৱ দলৰ পিছ ফালৰ পূজা ঘাট খ্যাত অংশটোৰ আশে পাশে সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গভীৰ গাঁত সমূহ চিন্তাৰ অন্য এক কাৰণ হৈ পৰিছে ৷একাংশই সন্দেহ কৰা মতে পুখুৰীটোৰ সুৰক্ষা দেৱালৰ ভিতৰ ফালৰ অংশটোৰ বিভিন্ন স্থান দুৰ্বল হৈ পৰাৰ বাবেই দেৱালৰ বাহিৰৰ অংশত এনেদৰে মাটি বহি গাঁতৰ সৃষ্টি হৈছে ৷ইয়াৰোপৰি পুখুৰীটোৰ সুৰক্ষা দেৱালখন বিভিন্ন স্থানত ভাঙি পৰাৰ পিছতো আজি পৰ্যন্ত জিলা প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷কিছু বছৰৰ পূৰ্বে অ এন জি চিৰ সামাজিক দায়বদ্ধ শিতানৰ পৰা দেৱাল নিৰ্মাণ-মেৰামতিৰ বাবে দিয়া বৃহত অংকৰ ধন নগৰৰ কেইটা মান ধুৰন্ধৰ ৰাজনৈতিক দালাল আৰু এগৰাকী তদানীন্তন কোষাগাৰ বিষয়াই লুন্ঠনৰাজ চলাই অতি নিম্ন মান দণ্ডৰ দেৱাল নিৰ্মাণ কৰিছিল ৷লক্ষণীয় ভাৱে চকুৰ সন্মুখত আহোম ঐতিহ্যৰ স্বাক্ষৰবহন কৰি অহা পুখুৰীটোৰ চৌপাশে সৃষ্টি হোৱা এই ভয়ংকৰ অৱস্থাৰ সন্দৰ্ভত সততে সামাজিক মাধ্যমত তাল ফাল লগাই থকা কোনো এটা আহোম জনগোষ্ঠীয় সংগঠনে পুখুৰীটোৰ দুৰৱস্থাৰ বিৰুদ্ধে মাত এষাৰ মাতিবলৈ আহৰি নোপোৱাতো লজ্জাজনক বিষয় হিচাবে পৰিগণিত হৈছে ৷সচেতন ৰাইজে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখতেই চলি থকা ইতিহাস প্ৰসিদ্ধ পুখুৰীটোৰ ধ্বংস যজ্ঞ প্ৰতিৰোধ কৰিবলৈ প্ৰশাসন- চৰকাৰৰ প্ৰতি আহবান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like