নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিন ৰোগত ধুবুৰীত শতাধিক কাউৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বিগত কেইদিনমানৰ পৰা ধুবুৰী চহৰত প্ৰায় শতাধিক কাউৰীৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। উল্লেখনীয় ভাৱে, বৰ্তমানলৈ চহৰখনৰ কেৱল ১ নং ৱাৰ্ডৰ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ সমীপৱৰ্তী এক নিৰ্দিষ্ট অঞ্চলত দেখা গৈছে কাউৰীৰ অকাল মৃত্যুৰ এই পৰিঘটনা। কিন্তু বিগত কেইবা দিনৰ পৰা সংঘটিত হৈ অহা চহৰখনৰ এটা ৱাৰ্ডৰ এটা নিৰ্দিষ্ট অঞ্চলত এইদৰে চৰাইবিধৰ কি ৰোগত মৃত্যু হৈ আছে সেয়া কিন্তু উন্মোচিত হোৱা নাই এতিয়াও। এই ঘটনাই মৃত সেই কাউৰীৰ পৰা অজান কোনো ৰোগ মানব শৰীৰলৈও বিয়পাৰ সম্ভাৱনা আছে নেকি বুলিও উত্থাপিত হৈছে প্ৰশ্নৰো। কিন্তু এতিয়ালৈ বিষয়টো লৈ কিন্তু গা-লৰা যোৱা দেখা নাই স্থানীয় পশুপালন বিভাগকে ধৰি প্ৰশাসনৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like