নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত ডিমাকুছিত প্ৰতিবাদ শ শ মহিলাৰ

নিয়মীয়া বাৰ্তা,  ২৯ আগষ্ট : যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে বেটী পঢ়াও বেটী বচাও আদি শ্লোগান দি আছে, সেই সময়তে দেশত সংঘটিত হৈ আছে এটাৰ পিছত আনটো নাৰীৰ ওপৰত ভয়াৱহ নিৰ্যাতনৰ ঘটনা । নিৰ্ভয়া কাণ্ডই দেশ জোকাৰি গৈছিল এসময়ত, তাৰ পিছত কলকাতা চিকিৎসক কাণ্ড, ধিং কাণ্ডকে ধৰি সাম্প্ৰতিক সময়ত ৰাজ্যৰ চৌদিশে ধৰ্ষণৰ দৰে জঘন্য ঘটনা বৃদ্ধি পাই আহিছে । মুঠতে এতিয়া সকলো প্ৰান্ততে নিৰাপত্তাহীনতাত ভুগিছে দেশৰ মহিলাসকল । প্ৰতিখন চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দি আহিছে যদিও এতিয়া মহিলাক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে। নাৰীৰ সুৰক্ষা বিচাৰি ওদালগুৰি জিলাৰ ডিমাকুছিৰ ওদালগুৰি-তামুলপুৰ পথত আকাশ- বতাহ কঁপাই তোলে চাৰি শতাধিক মহিলাই । ওদালগুৰি-তামুলপুৰ পথৰ ডিমাকুছিত চাৰি শতাধিক মহিলাই ডিমাকুছি মহাবিদ্যালয়ৰ পৰা ডনবস্ক ৰোডলৈ দুই কিলোমিটাৰ বৃহৎ সমদলেৰে “নাৰী নিৰ্যাতন বন্ধ কৰক” , “নাৰীসকলক ন্যায় দিয়ক” , “নাৰীক সুৰক্ষা দিয়ক”, “নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক”, “ধৰ্ষণকাৰীক ফাঁচী দিয়ক” আদি শ্লোগানেৰে ডিমাকুছিৰ আকাশ-বতাহ কঁপাই তোলে। মহিলাৰ বাবে কাম কৰি অহা কনকলতা চি এল এফ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ অধীনস্থ প্ৰতিখন ভিচিডিচিৰ মহিলাসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰত্যেক দিনে নাৰীজনিত অপৰাধ বৃদ্ধি পোৱা সত্বেও দেশৰ চৰকাৰে নাৰীক সুৰক্ষা দিয়াত সম্পূৰ্ণ বিফল হোৱা বুলি অভিযোগ কৰে স্বেচ্ছাসেৱী সংগঠনৰ মহিলাই।

প্ৰেৰক পিংকু কলিতা

You might also like