পেন্সন মোকলাই নিদিলে অনশনৰ হুংকাৰ
দিব্যাংগ লোকৰ প্রতি চৰকাৰৰ অৱহেলাত ক্ষোভ প্রতিবন্ধী সুৰক্ষা সংস্থাৰ
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ সকলোৰে সমবিকাশৰ কথা কোৱা চৰকাৰৰ দিনত দিব্যাংগ লোকসকলে দিব্যাংগ পেন্সনৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আজি গুৱাহাটীত এখন সংবাদ মেলত চৰকাৰে ৰাজ্যৰ দিব্যাংগসকলক চৰম অৱহেলা কৰা বুলি অভিযোগ কৰে প্রতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে৷ সংবাদ মেলত নৃপেন মালাকৰে কয় এইখন চৰকাৰে দিব্যাংগসকলক মাহেকীয়া পেন্সন হিচাপে ১,০০০ টকা দিয়াৰ ক্ষেত্রতো কৃপণালি কৰি আহিছে৷ আন্দোলন নকৰিলে পেন্সনৰ ধনখিনি মোকলাই নিদিয়াটো চৰকাৰখনৰ এক নিয়মিত কার্যত পৰিণত হৈছে৷ যোৱা ২০২০ চনৰ মার্চ মাহত বাছনি কৰা ৰাজ্যৰ ১,৬০,৬১২ গৰাকী দিব্যাংগ লোকৰ বাবে সেই বর্ষটোৰ অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ মুঠ ৪৮,১৮.৩৬,০০০ টকা মোকলাই দিয়াৰ বাবে সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কার্যালয়ৰ পৰা দিছপুৰলৈ পত্র প্রেৰণ কৰা হৈছিল৷
যোৱা বর্ষৰ ১৬ অক্টোবৰত পত্র প্রেৰণ কৰাৰ পিছতো সংশ্লিষ্ট বিভাগে ধন মোকলাই নিদিলে৷ ফলত ভোগালী বিহুৰ সময়তো উল্লিখিত দিব্যাংগ লোকসকলে পেন্সন লাভৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল৷ সংবাদ মেলত মালাকৰে লগতে কয় যে যোৱা বর্ষৰ ১৬ ডিচেম্বৰতে সমাজ কল্যাণ সঞ্চালকালয়ে বাছনি কৰা ১৯,১৩৯গৰাকী নতুন দিব্যাংগ হিতাধিকাৰীৰ বাবে ২৪.৯৫ কোটি টকা অতিৰিক্তভাৱে আবণ্টন বিচাৰি পত্র প্রেৰণ কৰিছিল যদিও সংশ্লিষ্ট বিভাগে আজিলৈকে আবণ্টন নিদিলে৷ ফলত নতুন হিতাধিকাৰীসকলেও দিব্যাংগ পেন্সন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ পৰাই চৰকাৰখন দিব্যাংগসকলৰ প্রতি থকা দায়বদ্ধতাৰ স্বৰূপ ওলাই পৰিছে৷ সম্পাদক মালাকৰে কয়– যোৱা বর্ষৰ ৬ মার্চত বাজেটত ১০ শতাংশ নতুন দিব্যাংগ হিতাধিকাৰী অন্তর্ভুক্ত কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল যদিও সেয়া কার্যত অসাৰ প্রতিপন্ন হৈছে৷ এনে প্রেক্ষাপটত অহা ২৩ জানুৱাৰীৰ ভিতৰত দিব্যাংগ পেন্সনৰ ধন মুকলি কৰাৰ লগতে নতুনকৈ অন্তর্ভুক্ত কৰা দিব্যাংগ হিতাধিকাৰী সকলকো পেন্সন দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনালোঁ৷ অন্যথা অহা ২৩ জানুৱাৰীৰ পিছত প্রতিবন্ধী সুৰক্ষা সংস্থাই অনির্দিষ্টকাললৈ আমৰণ অনশনৰ দৰে কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ’ব৷ সংবাদ মেলত সংস্থাৰ উপ–সভাপতি আতিকুৰ ৰহমান, দৃষ্টিহীন পৰিষদ, অসমৰ সম্পাদক প্রণৱ বেজবৰুৱাও উপস্থিত থাকে৷