নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ভিক্টৰিয়া মেম’ৰিয়েলত অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্মবার্ষিকী উদ্যাপন কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা অনুসৰি নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিনটোক পৰাক্রম দিৱস হিচাপে পালন কৰিব৷ প্রথম পৰাক্রম দিৱসৰ কার্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থাকিব৷ এই কার্যসূচীত দেশৰ প্রসিদ্ধ শিল্পী আৰু বিশিষ্ট ৰাজনীতিকসকলে অংশগ্রহণ কৰিব৷ সংগীতানুষ্ঠানত প্রসিদ্ধ শিল্পী ঊষা উত্থুপে অংশ লোৱাৰ লগতে অসম সন্তান শিল্পী পাপনেও অংশগ্রহণ কৰিব৷ কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে সংগীতানুষ্ঠানত কোন শিল্পীয়ে অংশ ল’ব, সেই সন্দর্ভত ৰাজহুৱাকৈ প্রকাশ কৰা নাই যদিও এই সময় নামৰ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্মবার্ষিকীৰ সংগীতানুষ্ঠানত ঊষা উত্থুপ আৰু পাপনে সংগীত পৰিৱেশন কৰিব৷ সেই কার্যসূচীত অংশগ্রহণ কৰাৰ বাবে পাপন মুম্বাইৰ পৰা কলকাতালৈ আহিব৷ তেওঁলোকৰ সংগীতানুষ্ঠানক লৈ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে একো প্রকাশ কৰা নাই যদিও পশ্চিমবংগৰ সংবাদ মাধ্যম অনুসৰি তেওঁলোক উপস্থিত থকাটো নিশ্চিত৷ আনপিনে এই কার্যসূচীত বাঙালী গায়ক সোমলতা আচার্য চৌধুৰীয়েও অংশগ্রহণ কৰিব৷ মন কৰিবলগীয়া যে ১২৫সংখ্যক জন্মবার্ষিকীত ১২৫ শিশুৱে মহান স্বাধীনতা যুঁজাৰু নেতাজী সুভাষ চন্দ্র বসুৰ সাজ–সজ্জাৰ প্রদর্শন কৰিব৷ তদুপৰি দেশৰ ভিন্ন প্রান্তৰ ১০০ নৃত্যশিল্পীয়ে অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিব৷
Prev Post
You might also like